পৃথিৱীত কিছুমান লোকৰ কথাই কথাই গালি পৰাৰ অভ্যাস আছে। যদি কোনো লোকৰ গালি পৰাৰ চৰিত্ৰ আছে তেন্তে তেওঁ যিকোনো ক্ষেত্ৰতে গালি-গালাজ কৰা দেখা যায়। ঘৰত হওক বা বাহিৰত হওক, এনে লোকসকলক সকলো ঠাইতে আপোনাক গালি-গালাজ কৰাই দেখা পাব। যদিও এনেদৰে কথাই প্ৰতি গালি-গালাজ কৰা লোকসকলক কোনেও ভাল নাপায়, শেহতীয়া এক গৱেষণাত এনে কিছুমান কথা পোহৰলৈ আহিছে যে আপুনি যদি এতিয়ালৈ গালি-গালাজত সিদ্ধহস্ত নহয়, এতিয়াৰ পৰা আপুনিও গালি পাৰিবলৈ আৰম্ভ কৰিব।
নতুন গৱেষণাই প্ৰকাশ কৰিছে যে যিসকল লোকে গালি গালাজ কৰে তেওঁলোক দীৰ্ঘায়ু হয়। গালি-গালাজে তেওঁলোকৰ হতাশা হ্ৰাস কৰে। একে সময়তে, মনটোও স্বাস্থ্যৱান হৈ থাকে। গৱেষকসকলে গালি পৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কৈছে। এই অধ্যয়নটো নিউ জাৰ্চীৰ কেন বিশ্ববিদ্যালয়ৰ (New Jersy) গৱেষকসকলে কৰিছিল। যেতিয়া বিশ্ববিদ্যালয়ৰ গৱেশণাতেই ভাল বুলি কোৱা হৈছে এতিয়া এনে লোকসকলে অধিক মুকলিকৈ গালি-গালাজ আৰম্ভ কৰিব পাৰে!
কেন বিশ্ববিদ্যালয়ৰ এই গৱেষণাত বিশ্ববিদ্যালয়ৰ কিছুমান শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা হৈছিল। এই শিক্ষাৰ্থীসকলৰ হাত বৰফৰ পানীত ডুবাই ৰাখিবলৈ দিয়া হৈছিল। গৱেষণাটোত দেখা গৈছিল যে যে অধিক গালি-গালাজ কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ হাত ঠাণ্ডা পানীত বেছি সময় ডুবাই ৰাখিবলৈ সক্ষম হৈছিল। ইয়াৰ ওপৰত আধাৰ কৰিয়েই গৱেষকসকলে এই সিদ্ধান্তত উপনীত হয় যে গালি-গালাজে মস্তিষ্কৰ হতাশা হ্ৰাস কৰে আৰু এজন ব্যক্তিৰ মগজু স্বাস্থ্যৱান কৰি ৰাখে।
যেতিয়া মানসিক চাপ কম হয়, এজন ব্যক্তিয়ে দীঘলীয়া জীৱন-যাপন কৰিব পাৰে। অধ্যয়নটোৰ পৰা এইটো পোৱা গৈছে যে যিসকলে গালি-গালাজ নকৰে তেওঁলোকে প্ৰতিকূল পৰিস্থিতিত সোনকালে হাৰ মানি লয়। তেনে লোকৰ ওপৰত মানসিক চাপ বেছি থাকে আৰু সেয়ে তেওঁলোকৰ মানসিক স্বাস্থ্যও প্ৰভাৱিত কৰে। এই গৱেষণাৰ ফল জনাৰ পিছত আপোনাকো যদি কোনোবাই গালি-গালাজ কৰে তেতিয়া আপুনি বুজিব যে আপোনাতকৈ তেওঁ দীঘলীয়া জীৱন যাপন কৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|