মনৰ মানুহৰ বাবে নহয়, যৌন আকৰ্ষণ কেৱল অন্য লোকৰ বাবেহে? সমস্যা সমাধানৰ পৰামৰ্শ দিলে বিশেষজ্ঞই!

News18 Assam | News18-Assam
Updated:December 23, 2020, 7:58 PM IST
মনৰ মানুহৰ বাবে নহয়, যৌন আকৰ্ষণ কেৱল অন্য লোকৰ বাবেহে? সমস্যা সমাধানৰ পৰামৰ্শ দিলে বিশেষজ্ঞই!
যৌনতাৰ বিষয়টোৰ লগত কেৱল শাৰীৰিক সম্পৰ্কই নহয়, মানসিক সম্পৰ্কও জড়িত হৈ থাকে।

যৌনতাৰ বিষয়টোৰ লগত কেৱল শাৰীৰিক সম্পৰ্কই নহয়, মানসিক সম্পৰ্কও জড়িত হৈ থাকে।

  • Share this:
যি বিষয়ত বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে আজি মতামত আগবাঢাব, সেই বিষয়টো নীতিগত ভাবে জটিল।

যৌনতাৰ বিষয়টোৰ লগত কেৱল শাৰীৰিক সম্পৰ্কই নহয়, মানসিক সম্পৰ্কও জড়িত হৈ থাকে। মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে যৌন সম্পৰ্কই। মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এজন ব্যক্তিয়ে অন্য এগৰাকীৰ প্ৰতি আকৰ্ষিত হৈ পৰে আৰু শাৰীৰিক সম্পৰ্ক স্থাপনৰ দিশত আগবাঢ়ে।

এই সন্দৰ্ভত এজন লোকে পল্লৱীলৈ চিঠি লিখিছিল। চিঠিত লোকজনে জনাইছিল যে, সংগী তেওঁৰ পৰিচিত। ইণ্টাৰনেটৰ জৰিয়তে আৰম্ভ হৈছিল কথা-বতৰা। সেই সময়ত তেওঁ মহিলাগৰাকীক ঘনিষ্ঠ ভাবে চিনি পোৱা নাছিল। সেই সময়ত তেওঁৰ সৈতে চেক্সাটিং বা শাৰীৰিক সম্পৰ্ক স্থাপনত কোনো অসুবিধা হোৱা নাছিল। কিন্তু যেতিয়া সম্পৰ্ক গঢ়ি উঠে, তেতিয়া কিছু আচৰণত পৰিৱৰ্তন হয়। মহিলাগৰাকীৰ স্পৰ্শৰ পিছতো যৌন উত্তেজনা লাভ নকৰা হ’ল ব্যক্তিজনে।

ব্যক্তিজনে জনাইছে যে, ‘এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এই ঘটনা ঘটিছে। মনৰ মানুহৰ সৈতে নহয়, যৌন সম্পৰ্ক কেৱল মাত্ৰ কিছুদিনৰ পূৰ্বে পৰিচিত হোৱা বা অপৰিচিত মহিলাৰ সৈতেহে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব পাৰে।

এই প্ৰসংগত পল্লৱীয়ে বিষয়টো এটা ইংৰাজী শব্দৰে  বুজাবলৈ চেষ্টা কৰিছে। মনৰ মানুহৰ বাবে নহয়, যৌন আকৰ্ষণ কেৱল ন-চিনাকীৰ সৈতে- এই ধৰণৰ যৌন প্ৰবৃত্তিক ইংৰাজীত কোৱা হয় Fray sexuality। পল্লৱীৰ মতে, এয়া অস্বাভাৱিক নহয়। কিন্তু বিবাহিত সম্পৰ্কই এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিবই। তেন্তে উপায় কি?

যাৰ এনে সমস্যা হয়, অথচ ভালপোৱা আছে, সেই ব্যক্তিক পল্লৱীয়ে নিজৰ সংগীক স্পষ্টকৈ সমস্যাৰ কথা ক’বলৈ আহ্বান জনাইছে। কৈছে, সকলো কথা খুলি কওক। ইয়াৰ পিছতো যদি ভালপোৱাৰ সম্পৰ্ক থাকে, তেন্তে তাতকৈ আৰু ভাল একোৱেই হ’ব নোৱাৰে।

কিন্তু এই ক্ষেত্ৰতো এটা সমস্যা আছে। ধৰা হওক, Fray sexuality নিজৰ সংগীয়ে গ্ৰহণ কৰিলে। কিন্তু তেওঁক প্ৰয়োজন যৌন সুখ। এই দিশৰ পৰা, পৰস্পৰৰ মাজত Polyamory সম্পৰ্কত আহিব পাৰে। অৰ্থাত্‍ দিনটোৰ শেষত দম্পতি পৰস্পৰে পৰস্পৰৰ কাষলৈকে ঘূৰি আহিবই। কিন্তু পৰস্পৰৰৰ সন্মতি সাপেক্ষে অন্যৰ সৈতে যৌন সম্পৰ্কৰ অধিকাৰ ল’ব পাৰে।

আৰু সেই ক্ষেত্ৰত যদি অসুবিধা থাকে, তেন্তে চিংগল থকাই উচিত। কৈছে পল্লৱীয়ে।
Published by: Himangshu Bhuyan
First published: December 23, 2020, 7:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি