সকলো আচৰিত! সমালোচনাৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ তথা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা খেলুৱৈ এৰ’ন ফিন্স।
সেইসময়ত আৰ চি বি আৰু ৰাজস্থান ৰয়েলছৰ মাজত মেচ চলি আছিল। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত চাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰি, ড্ৰেচিং ৰুমতে আৰ চি বিৰ অপেনাৰ ফিন্সে ধূমপান কৰিছিল। সেই সময়তে কেমেৰাই আবদ্ধ কৰিলে ফিন্সে ধূমপান কৰাৰ দৃশ্য।
শেষৰ দুই অভাৰত ডি ভিলিয়াৰ্ছে ৰান কৰাকলৈ যিমান চৰ্চা চলিছিল, তাতকৈ বেছি চৰ্চা চলিছিল ফিন্সে ধুমপান কৰাকলৈহে।
জয়দেৱ উনাদকাটৰ অ’ভাৰত তিনিটা ছয় কোবাইছিল ডিভিলিয়াৰ্ছে। শেষ অ’ভাৰত ছটা বলত ১০ ৰানৰ প্ৰয়োজন আছিল আৰ চি বিক। ষ্টিভ স্মিথে আৰ্চাৰক শেষ অ’ভাৰ বল কৰাৰ গুৰুদায়িত্ব দিছিল। ইংলিচ বলাৰ আৰ্চাৰে সুন্দৰকৈ বল কৰি আছিল। কিন্তু সেইসময়তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ড্ৰেচিং ৰুমত ফিন্সৰ সেই দৃশ্য কেমেৰাত আবদ্ধ কৰিছিল ফটোগ্ৰাফাৰে।
ক্ৰিকেটাৰে মেচৰ মাজতে ধূমপান কৰি ধৰা পৰা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ব্ৰেণ্ডন মেককুলামে এনেদৰে খেলৰ মাজতে ধূমপান কৰি সমালোচনাৰ সন্মুখীন হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|