Viral Video: মনৰ আনন্দত জপিয়াই জপিয়াই নাচিলে আমিৰ খানৰ জীয়ৰিয়ে, কিয়?

News18 Assam | News18-Assam
Updated:December 4, 2019, 3:06 PM IST
Viral Video: মনৰ আনন্দত জপিয়াই জপিয়াই নাচিলে আমিৰ খানৰ জীয়ৰিয়ে, কিয়?
আমিৰ খানৰ জীয়ৰি ইৰা খানে এতিয়ালৈকে ছবিজগতত প্ৰৱেশ নকৰিলেও নিজৰ ছচিয়েল মিডিয়া পষ্টক লৈ তেওঁ বিভিন্ন সময়ত চৰ্চাত থাকে। 

আমিৰ খানৰ জীয়ৰি ইৰা খানে এতিয়ালৈকে ছবিজগতত প্ৰৱেশ নকৰিলেও নিজৰ ছচিয়েল মিডিয়া পষ্টক লৈ তেওঁ বিভিন্ন সময়ত চৰ্চাত থাকে। 

  • Share this:
নিজৰ আগন্তুক ছবি লাল সিং চড্ডাৰ শ্বুটিঙৰ কাৰণে পাঞ্জাৱৰ গাঁৱে গাঁৱে ঘুৰাত ব্যস্ত আমিৰ খান। এয়া আমিৰ খানৰ স্বকীয়তা যে তেওঁৰ চিনেমা হিটেই হওক বা ফ্লপেই হওক তেওঁ সদায় সংযমী হৈ থাকে। ইয়াৰ মাজতে নিৰ্দেশক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ লোৱা তেওঁৰ জীয়ৰি ইৰা খানে পিতৃৰ বিপৰীত স্বভাৱ পৰিদৰ্শন কৰা দেখা যায়। কাৰণে ইৰা খানে এনে এটা ভিডিও শ্বেয়াৰ কৰিছে যিটো ভিডিঅ’ই  সকলোকে হতভম্ব কৰি তুলিব। ভিডিও শ্বেয়াৰ কৰা অপশ্যন দেখিলে আপুনিও ভিডিওটোক ‘মৰমলগা’ বুলি ক’ব।

দৰাচলতে ইৰা খানে পৰ্দাৰ সন্মুত অভিনয় নকৰিলেও পৰ্দাৰ পিচফালে নিজৰ ফিল্মী কেৰিয়াৰ আৰম্ভ কৰিবলৈ গৈ আছে। ইৰাই পৰিচালনা কৰা প্ৰথমখন নাটক সোনকালেই দেখুৱা হ’ব। নিজৰ এই নাটকখনক লৈ ইৰা যথেষ্ট উৎসাহী হৈ আছে আৰু ইয়াক লৈ তেওঁ নিজৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।

এই ভিডিঅ’ শ্বেয়াৰ কৰি ইৰাই লিখে, মোৰ প্ৰথমখন নাটকৰ অপেনিঙত মাত্ৰ ৫দিন বাকী। ইৰা খানৰ এই প্লে’ৰ নাম ‘ইউৰিপাইডছ মিডিয়া’। নাটকখন এটা গ্ৰীক কাহিনীৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা।



আৰু চাওক
পৰৱৰ্তী বাতৰি