বৰ্তমান আধাৰ এক অতি গুৰুত্বপূৰ্ণ নথি। সহজ কথাত ক’বলৈ গ’লে আজিকালি আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। কাৰণ বিত্তীয় বা আন যিকোনো কামৰ বাবে এতিয়া প্ৰয়োজন হয় আধাৰ কাৰ্ড। এই বিষয়টোৰ প্ৰতি গুৰুত্ব ৰাখি ইউনিক আইজেণ্টিফিকেচন অথৰিটী অব ইণ্ডিয়া (UIDAI)–এ দেশজুৰি ১১৪টা নতুন আধাৰ সেৱা কেন্দ্ৰ খোলাৰ সিদ্ধান্ত লৈছে।
প্ৰতিজন নাগৰিকে যাতে সহজতে আধাৰ সংক্ৰান্তীয় বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰে আৰু নিজৰ আধাৰ কাৰ্ড লাভ কৰিব পাৰে তাৰ বাবে এই উদ্যোগ লোৱা হৈছে। আৰু এই ১১৪টা নতুন আধাৰ সেৱা কেন্দ্ৰৰ ভিতৰত ৫৩টা খোলা হ’ব ডাঙৰ চহৰত। কেৱল ইমানেই নহয়, প্ৰতিখন ৰাজ্যৰ ৰাজধানী, মেট্ৰ’ চহৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এই আধাৰ সেৱা কেন্দ্ৰ খোলাৰ সিদ্ধান্ত লৈছে।
ৱাৰতৰ প্ৰতিজন লোকে এই আধাৰ সেৱা কেন্দ্ৰলৈ গৈ নিজৰ আধাৰ সংক্ৰান্তীয় যাৱতীয় সমস্যাৰ সমাধান কৰিব পাৰিব। বৰ্তমান দেশত ৮৮টা এনে আধাৰ সেৱা কেন্দ্ৰ আছে। এই আধাৰ কেন্দ্ৰবোৰ সপ্তাহৰ প্ৰতিটো দিনতে খোলা থাকে। আনকি আধাৰ কাৰ্ডৰ গুৰুত্ব বিবেচনা কৰি দেওবাৰেও বন্ধ ৰখা নহয়। আৰু এই ধৰণৰ আধাৰ সেৱা কেন্দ্ৰ খোলাৰ সময় হ’ল পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ।
আধাৰ সেৱা কেন্দ্ৰসমূহত বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ সুবিধা আছে। আধাৰ সেৱা কেন্দ্ৰৰ উপৰি সমগ্ৰ দেশত প্ৰায় ৩৫০০০ আধাৰ কেন্দ্ৰ আছে। আৰু এইবোৰ পৰিচালনা কৰে বেংক, ডাকঘৰ, বিএছএনএল অফিচ বা ৰাজ্য চৰকাৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 24, 2022, 07:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।