• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • PAN AADHAAR Linking: আজিৰ ভিতৰত আধাৰৰ সৈতে লিংক নকৰিলে অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড! কেনেকৈ কৰিব জানি লওক

PAN AADHAAR Linking: আজিৰ ভিতৰত আধাৰৰ সৈতে লিংক নকৰিলে অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড! কেনেকৈ কৰিব জানি লওক

ইনকাম টেক্স ডিপাৰ্টমেণ্ট (Income Tax Department)-এ পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২১ ধাৰ্য কৰিছে।

ইনকাম টেক্স ডিপাৰ্টমেণ্ট (Income Tax Department)-এ পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২১ ধাৰ্য কৰিছে।

ইনকাম টেক্স ডিপাৰ্টমেণ্ট (Income Tax Department)-এ পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২১ ধাৰ্য কৰিছে।

  • Share this:
আপুনি নিজৰ পেন কাৰ্ড খন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলেনে? ইনকাম টেক্স ডিপাৰ্টমেণ্ট (Income Tax Department)-এ পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২১ ধাৰ্য কৰিছে। অৰ্থাৎ আজি অন্তিম দিন। অন্যথা আপুনি আয়কৰ আইনৰ অধীনত ১০০০ টকা জৰিমনা ভৰিব লাগিব।

৩১ মাৰ্চৰ পিছত অচল হৈ পৰিব আপোনাৰ পেন কাৰ্ড -

যদি আপুনি চৰকাৰে নিৰ্ধাৰণ কৰা অন্তিম তাৰিখলৈকে আধাৰৰ সৈতে পেনৰ লিংক নকৰে, তেন্তে আপুনি সৰ্বাধিক ১,০০০ টকা জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। ইয়াৰোপৰি, যিসকলে ৩১ মাৰ্চ ২০২১ লৈকে পেন কাৰ্ডক আধাৰৰ সৈতে লিংক নকৰে, তেওঁলোকৰ পেন কাৰ্ড ১ এপ্ৰিল ২০২১ৰ পৰা অকাৰ্যকৰী অৰ্থাৎ অচল হৈ পৰিব।

অনলাইন এনেধৰণে কৰিব পাৰে লিংক -

>> প্ৰথমে আয়কৰ বিভাগৰ Websiteলৈ যাওক ।
>> আধাৰ কাৰ্ডত থকা নাম, পেন নম্বৰ আৰু আধাৰ নম্বৰ প্ৰবিষ্ট কৰক।
>> আধাৰ কাৰ্ডত কেৱল জন্মৰ বছৰ দিয়া হ'লে ইয়াত Right Tick কৰক।

>> এতিয়া Captcha কোড প্ৰবিষ্ট কৰক।
>> Link Aadhaar বুটামত ক্লিক কৰক।
>> আপোনাৰ পেন আধাৰৰ সৈতে লিংক হৈ যাব।

SMSৰ জৰিয়তেও কৰিব পাৰে লিংক -

আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব। তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক। ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক। আৰু 567678 বা 56161 নম্বৰত SMSটো প্ৰেৰণ কৰক।

অকাৰ্যকৰী পেন কাৰ্ডক কেনেদৰে পুনৰ কাৰ্যকৰী কৰিব -(Activate PAN card)

অকাৰ্যকৰী পেন কাৰ্ডক পুনৰ কাৰ্যকৰী কৰিব পৰা হ'ব। ইয়াৰ বাবে আপুনি এটা SMS কৰিব লাগিব। SMS Boxত আপোনাৰ পঞ্জীভূক্ত ম'বাইলৰ পৰা ১২টা সংখ্যাযুক্ত পেন নম্বৰ আৰু ১০টা সংখ্যাযুক্ত আধাৰ নম্বৰ প্ৰবিষ্ট কৰাৰ পিছত আপুনি 567678 বা 56161 নম্বৰলৈ আৰু SMS প্ৰেৰণ কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি