ফটোত লুকাই থকা প্ৰত্যাহ্বানবোৰ সমাধান কৰিবলৈ কাৰো বাবে অপ্টিকেল ভ্ৰম সহজ নহয়। তথাপিও, এনে পোষ্টবোৰ সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে আছে। এনে পোষ্টে এটা ভাল সময় পাৰ কৰাৰ লগতে সৰ্বশ্ৰেষ্ঠ মনোৰঞ্জন প্ৰদান কৰে। দৰাচলতে, ছবিৰ সাঁথৰবোৰক মগজুৰ ব্যায়াম হিচাপেও জনা যায়। সমাধান কৰিব পাৰিলে মগজুৰ দক্ষতা আৰু বৃদ্ধি পাব বুলি কোৱা হয়।
অপ্টিকেল ইলিউচনৰ এই ছবিখনত বহুতো হাতী দেখা গৈছে।এটা গঁড় জাকটোত লুকাই আছে যে কোনেও ইয়াক সহজে বিচাৰি উলিয়াব নোৱাৰে। কেৱল তীক্ষ্ণ চকু থকা সকলেহে ছবিখনত লুকাই থকা প্ৰত্যাহ্বানটো সোনকালে সমাধান কৰিবলৈ সক্ষম হ'ব।
যিসকলে হাতীৰ মাজত এতিয়াও গঁড় বিচাৰি আছে, তেওঁলোক এতিয়ালৈকে বিফল। সেয়েহে আপোনাক সহায় কৰিবলৈ এটা হিণ্ট দিয়া হৈছে, যি প্ৰত্যাহ্বানটো সমাধান কৰাত আপোনাৰ বাবে সহায়ক প্ৰমাণিত হ'ব পাৰে। প্ৰথমে, জানক যে ছবিখনৰ মাজত থাকিলেও গঁড়টো দৃশ্যমান নহয়। দৰাচলতে, ইয়াৰ ৰঙৰ ৰূপ ছবিখনত দেখা হাতীৰ দৰেএকে। কিন্তু হাতীৰ শুৰ আৰু গঁড়ৰ মুখৰ গাঁথনি বেলেগ বেলেগ, এতিয়া নিশ্চয় গঁড় বিচাৰিবলৈ আপোনাৰ সহজ হৈছে।

ইয়াৰ পাছতো যদি গঁড় বিচাৰি পোৱাত অসুবিধা হৈছে, তেন্তে ওপৰৰ ছবিখনত চাওক গঁড়টো ৰঙা ঘৰত দেখা গৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : March 18, 2023, 22:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।