সামাজিক মাধ্যমত সচৰাচৰ প্ৰত্যক্ষ কৰা সমলবোৰত কেতিয়াবা কিছুমান অদ্ভুদ ঘটনা দেখিবলৈ পোৱা যাৰ ভিতৰত এই ব্যতিক্ৰমী বাতৰিটো এক অন্যতম উদাহৰণ। মন কৰিবলগীয়া কথা যে, সামাজিক মাধ্যমত উপলব্ধ টিণ্ডাৰ (Tinder) নামৰ এটা ডেটিং এপ সাধাৰণতে প্ৰেম আৰু সহযোগ বিচাৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু শেহতীয়াকৈ এজন ব্যক্তিয়ে টিণ্ডাৰৰ কিছু ব্যতিক্ৰমী ব্যৱহাৰেৰে ইয়াক বেলেগ এটা স্তৰলৈ নি সকলোকে আচৰিত কৰি তুলিলে। ঘটনাটো মুম্বাইৰ এজন ব্যক্তিৰ। টিণ্ডাৰ এপটোত ব্যক্তিজনে ৰাখীবন্ধন উপলক্ষে এগৰাকী ভগ্নীৰ সন্ধান কৰি সকলোকে আচৰিত কৰি তুলিলে।
উল্লেখযোগ্য যে, মানুহজনৰ প্ৰকৃত পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও তেখেতে নিজৰ দুৰ্দশা আৰু সমাধানৰ কথা ৰেডিত নামৰ এটা ৱেবচাইটক জনায়। তেওঁ জনোৱা মতে, প্ৰতি বছৰে ৰাখী বন্ধনত FOMO (fear of missing out) অৰ্থাৎ অকলশৰীয়া অনুভৱ কৰাৰ বাবে বিগত দুবছৰৰ পৰা ব্যক্তিজনে উৎসৱটো আৰম্ভ হোৱাৰ দুসপ্তাহৰ আগতে “ৰাখীবন্ধনৰ সময়ত ফুৰিবলৈ এগৰাকী ভগ্নী বিচাৰি আছে” বুলি নিজৰ টিণ্ডাৰ ডেটিং এপটোত বায়’ অৰ্থাৎ চিনাকী হিচাপে লিখি ৰাখিছিল। জানিব পৰা মতে, তেওঁৰ নিজা কোনো ভগ্নী নাই বাবে জীৱনৰ বেছিভাগ সময় ৰক্ষা বন্ধনৰ সময়ত FOMO অনুভৱ কৰে বুলি ব্যক্ত কৰে। লগতে কয় যে, তেওঁক ৰাখী বন্ধিবলৈ কোনো ভন্টি নাই যাৰবাবে তেওঁ ৰাখী বন্ধনত কাকো সামগ্ৰী উপহাৰ দিব নোৱাৰে। ইয়াৰ উপৰি, যোৱা ২ বছৰ ধৰি তেওঁ ৰাখী বন্ধন আৰম্ভ হোৱাৰ দুসপ্তাহৰ সময়ছোৱাত নিম্নলিখিত ধৰণে বায়’ ৰাখে “ৰক্ষা বন্ধনৰ সময়ত ফুৰিবলৈ এগৰাকী ভগ্নী বিচাৰি আছোঁ,”।
তেখেতৰ এই পোষ্টটো নিশ্চিতভাৱে অনলাইনত অভাৱনীয়ভাৱে ভাইৰেল হৈ পৰিছিল আৰু নেটিজেনসকলৰ পৰা বহুতো মতামত লাভ কৰিছিল। অৱশ্যে কিছুমান ব্যৱহাৰকাৰীয়ে ইয়াক ধেমেলীয়া পাইছিল, আন কিছুমান স্পষ্টভাৱে বিভ্ৰান্ত হৈছিল।
তেখেতৰ এই পোষ্টটো এজন ব্যৱহাৰকাৰীয়ে লিখিছিল: “এইটোৱে মোক এগৰাকী ছোৱালীৰ দেউতাই পৰিচালনা কৰা প্ৰ’ফাইলৰ কথা মনত পেলাই দিছিল যিয়ে ‘মোৰ ছোৱালীৰ বাবে লৰা বিচাৰি আছো’ লিখাৰ পৰিৱৰ্তে ‘মোৰ ছোৱালীক বিচাৰি আছো’ বুলি লিখিছিল।
আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, “মই এইটোক লৈ বহুত জোৰকৈ হাঁহিছিলো।”
কিন্তু ভাগ্যৰ বলত মানুহজনে ৰাখী বন্ধন উদযাপন কৰিবলৈ এগৰাকী নহয় বৰঞ্চ দুগৰাকী ভগ্নী বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল। হয়, আপুনি সেইটো শুদ্ধকৈ পঢ়িছে।
দুগৰাকীকৈ ভগ্নী লাভৰ পাছত মানুহজনে লিখিছিল- “টিণ্ডাৰক ধন্যবাদ, এতিয়া মোৰ দুগৰাকী ভগ্নী আছে। দুয়োকে মই টিণ্ডাৰত লগ পাইছিলো। এই বছৰ আমি ৩ জনে একত্ৰিত হৈ ৰাখীবন্ধন উদযাপন আৰু উপহাৰ তথা সামগ্ৰী বিনিময় কৰাৰ পৰিকল্পনা কৰি আছোঁ। মই অধীৰ আগ্ৰহী হৈ আছো।”
- First Published :