আকৌ আহিব ভাল সময়! ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ ১৯৯১ বেটছৰ ৪৪ গৰাকী মহিলাই লৈছে বিশেষ পদক্ষেপ

News18 Assam | News18-Assam
Updated:May 20, 2020, 10:46 PM IST
আকৌ আহিব ভাল সময়! ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ স্কুলৰ ১৯৯১ বেটছৰ ৪৪ গৰাকী মহিলাই লৈছে বিশেষ পদক্ষেপ
কোৰোণাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ যুঁজ দিয়াৰ সৱল প্ৰকাশ এই বিশেষ ভিডিঅ’।

কোৰোণাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ যুঁজ দিয়াৰ সৱল প্ৰকাশ এই বিশেষ ভিডিঅ’।

  • Share this:
২০২০, এক নিৰাশাজনক বৰ্ষ! কোনেও হয়টো কল্পনাই কৰা নাছিল যে, চলিত বৰ্ষটোত বিশ্বই এনেদৰে চকুলো টুকিব লগীয়া হ’ব! মানৱ জীৱনলৈ ২০২০ চনটোৱে সঁচাকৈ যেন নমাই আনিছে এক বিভীষিকাময় পৰিৱেশ। বিশ্বৰ যিটো প্ৰান্তলৈকে চোৱা যায়,তাতেই কেৱল দুখ আৰু কষ্ট। সকলোৰে এতিয়া এটাই কামনা, আঁতৰি যাওক এনে দিন, আকৌ ঘূৰি আহক ভাল দিন।

তাৰ মাজতে এনে অন্ধকাৰ আঁতৰাবলৈ আগ‍বাঢ়ি আহিছে ডিব্ৰুগড় চহৰৰ লিটল ফ্লাৱাৰ স্কুলৰ ১৯৯১ শিক্ষাবৰ্ষৰ প্ৰায় ৪৪গৰাকী মহিলা। বৰ্তমান কৰ্মসূত্ৰে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মহিলাসকলে নিৰাশাৰ মাজতো কিছু আশাৰ ৰেঙণি তুলি ধৰিবলৈ যেন চেষ্টা কৰিছে।

‘AMI@WE’ৰ মহিলাসকলে সমাজলৈ ব্যতিক্ৰমী ৰূপত পঠিয়াব বিচাৰিছে বিশেষ বিশেষ বাৰ্তা। বিভিন্ন সময়ত সন্মুখীন হোৱা বিভিন্ন আকৰ্ষণীয় ঘটনাৱলী, অভিজ্ঞতা আদি Youtubeৰ জৰিয়তে জনাব বিচাৰিছে জনসাধাৰণক। কোৰোণাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ যুঁজ দিয়াৰ সৱল প্ৰকাশ এই বিশেষ ভিডিঅ’।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading