আজিকালি বিয়াত দৰা–কইনাৰ নৃত্য তথা বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠান প্ৰদৰ্শন কৰে। বিবাহ এক উত্সৱসদৃশ যেন উদযাপন কৰা দেখিবলৈ পোৱা যায়। বিয়াত দৰা আৰু কইনাই তেওঁলোকৰ বিশেষ দিনটোত ইজনে সিজনক সুখী আৰু উপভোগ কৰাৰ দৃশ্য আটাইতকৈ সুকীয়া। শেহতীয়াকৈ এজন দৰাই তেওঁৰ পত্নীক বিবাহৰ দিনটোত বিশেষ ধৰণে ছাৰপ্ৰাইজ দিয়াৰ এটা ভিডিঅ' অনলাইনত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ত দৰাই বিয়াৰ সময়ত কইনাৰ এখন লাইভ পেইন্টিং নিৰ্মাণ কৰিছিল। ইণ্টাৰনেটে তেওঁৰ অভিব্যক্তিবোৰ মানুহে বহুত ভাল পাইছে।
ভাইৰেল ভিডিঅ’টো বৰুণ জাৰছানিয়া নামৰ লোকজনে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই চুটি ক্লিপটোৰ বৰুণে মাৰুন ৫ৰ দ্বাৰা গাৰ্লছ লাইক ইউত নৃত্য কৰি আৰম্ভ কৰিছিল। তেওঁৰ পাছত এটা কেনভাচ আৰু ৰঙৰ বাকচ এটা আছিল আৰু তেওঁ ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। যেতিয়া বৰুণে ছবি আঁকিছিল তেতিয়া প্ৰথা নামৰ কইনাগৰাকীক বৰ উৎসাহিত দেখা গৈছিল। লাহে লাহে, উৎকৃষ্ট কৃতিটোৱে আকাৰ লৈছিল আৰু ই প্ৰথাৰ চিত্ৰ হৈ পৰিছিল। আৰম্ভণিতে, বৰুণে ইয়াক ওলোটাকৈ অংকন কৰিছিল কিন্তু অন্তিম ফলাফল দেখুৱাবলৈ কেনভাচটো ওলোটাই দিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 04, 2023, 11:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|