ভ্ৰমণৰ সময়ত হোটেলই হওক বা লজেই হওক, কোঠাত কোনো অসাধু লোকে লুকাই ৰাখিব পাৰে গোপন কেমেৰা (hidden camera)। কোনোৱে সাধাৰণতে নভবা এই ঘটনা ঘটিয়েই থাকে। প্ৰযুক্তিগত জগতখনৰ উন্নয়নৰ যুগত এনে কথা ভিত্তিহীন নহয়। গতিকে প্ৰাইভেট বিষয়ত কিছু সচেতন হোৱা দৰকাৰ। অচিনাকি স্থানত লুকুওৱা কেমেৰা কেনেদৰে বিচাৰি পাব পাৰে তাৰ বিষয়ে জানি লওক।
গোপন কেমেৰাটো (Spy camera) যিমানেই সৰু নহওক, তাক লুকুৱাই ৰখাটো সহজ নহয়। নতুন ভাড়াঘৰ বা হোটেলৰ কোঠাত (rented house or hotel room) প্ৰৱেশ কৰাৰ পিছত কিছুমান বিশেষ আচবাব পৰীক্ষা কৰক। বিশেষকৈ মনত ৰাখিব যে কোনো আচবাব বা আন কোঠা সজোৱা সামগ্ৰী অস্বাভাৱিক স্থানত ৰখা হৈছে নেকি? স্পাই কেমেৰাবোৰ আচবাব বা দুৱাৰৰ হেণ্ডেল, আচহুৱাভাৱে ফিট কৰা ছবিৰ ফ্ৰেম, লেম্পশ্বেড, দেৱাল ঘড়ী আদিত লুকুৱাব পাৰি।
কেমেৰা লুকুৱাবলৈ আন এক সাধাৰণ ঠাই হ'ল বাথৰুম। এনে কেমেৰা অদ্ভুতভাৱে ঘূৰোৱা শ্বাৱাৰৰ মুখ, বিশেষ প্ৰকাৰৰ আচবাব বা আইনাৰ আঁৰতো থাকিব পাৰে। আইনাখন বাস্তৱ নে দ্বিমুখী বুজিবলৈ এটা সহজ উপায় আছে। আপোনাৰ আঙুলি আইনাত ৰাখক আৰু চাওক। যদি আঙুলিৰ মূৰ আৰু দাপোণৰ প্ৰতিচ্ছবিৰ মাজত কোনো ব্যৱধান নাথাকে, তেন্তে আপুনি বুজিব লাগিব যে আইনাখন নকল।
মনত ৰাখিব যে কেমেৰাটো সক্ৰিয় কৰিবলৈ মূলতঃ তিনিটা বস্তুৰ প্ৰয়োজন। দৃশ্য গ্ৰহণৰ ঠাই, শক্তিৰ উৎস আৰু যোগাযোগ নেটৱৰ্ক। সেয়েহে ছুইচ বোৰ্ডৰ ওচৰৰ স্থান, বাল্ব-ইনষ্টলেশ্বন স্পেচ, টেলিভিছনৰ ডিভিডি ডিভাইচবোৰ গোপন কেমেৰা লুকুৱাবলৈ ব্যৱহাৰ কৰা স্থান।
আনহাতে এই প্ৰযুক্তি বিচাৰি উলিওৱাৰ বাবে অন্যতম বিজ্ঞানসন্মত পদ্ধতি হ'ল কোঠাতো আন্ধাৰ কৰি উজ্জ্বল পোহৰ পেলোৱা। কেমেৰা যিমানেই সৰু নহওক, ইয়াত লেন্স থাকিব। আৰু যেতিয়া উজ্জ্বল পোহৰ লেন্সত পৰে, ই এক নীলা প্ৰতিচ্ছবি সৃষ্টি কৰে। এইক্ষেত্ৰত আপুনি ম'বাইলৰ ফ্লেছ লাইট ব্যৱহাৰ কৰিব পাৰে। শেহতীয়াকৈ, স্পাই কেমেৰা বিচাৰি পোৱা এপো আহিছে। এই ধৰণৰ এপে কেমেৰা নেটৱৰ্ক চিনাক্ত কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|