উচ্চ শিক্ষাৰে শিক্ষিত হৈও এতিয়া বাছৰ হেণ্ডিমেন ৰূপম মেধি!

News18-Assam
Updated:June 1, 2019, 11:38 AM IST
উচ্চ শিক্ষাৰে শিক্ষিত হৈও এতিয়া বাছৰ হেণ্ডিমেন ৰূপম মেধি!
বাছ খনত মানুহজনেৰ মুখৰ পৰা শুনা গৈছিল "মানুহৰ দৃষ্টিত তুমি সৰু কাম কৰিছা কোনো কথা নাই মাথো কাৰো পেটৰ ভাত কাঢ়ি নাখাবা, পাৰিলে দুমুঠি ভাত বেলেগক দিব যত্ন কৰিবা! "

বাছ খনত মানুহজনেৰ মুখৰ পৰা শুনা গৈছিল "মানুহৰ দৃষ্টিত তুমি সৰু কাম কৰিছা কোনো কথা নাই মাথো কাৰো পেটৰ ভাত কাঢ়ি নাখাবা, পাৰিলে দুমুঠি ভাত বেলেগক দিব যত্ন কৰিবা! "

  • Share this:
ভগৱান শৰ্মাৰ ফেচবুক ৱালৰ পৰা
নাৰেংগীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এগৰাকী ব্যক্তিয়ে লগৰ জনক এটি ইংৰাজী শব্দৰ বিষয়ে সুধিছিল। যিটো শব্দৰ অৰ্থ সচৰাচৰ মানুহে নাজানে অথবা ব্যৱহাৰ নকৰে। কিন্তু সেই সচৰাঁচৰ ব্যৱহাৰ নকৰা শব্দটোৰ বিষয়ে শুনি বাছখনৰ হেণ্ডিমেনজনে তপৰাই শব্দটোৰ অৰ্থৰ লগতে কেনেকৈ বাক্যত শব্দটোৰ ব্যৱহাৰ হয় তাক ধুনীয়াকৈ বুজাই দিলে। লগে লগেমানুহজনৰ মনত প্ৰশ্নৰ উদয় হ’ল, উৎকণ্ঠা বাঢ়িল, সেই উত্তৰ দিয়া মানুহজনৰ লগত চিনাকী হ’বলৈ । পিছত সেই বিশেষ লোকজনৰ বিষয়ে যেতিয়া বাছখনত যাত্ৰা কৰা ব্যক্তিজনে দুই এজনক সুধিলে,তেতিয়া আচৰিত হ’ল  বাছখনত যাত্ৰা কৰা বহুকেইজন লোক।

মানুহজনৰ নাম ৰূপম মেধি। পেছাত এগৰাকী চিটিবাছৰ হেণ্ডিমেন। কিন্তু মানুহজন ইংৰাজীৰ স্নাতক। অত্যন্ত সাধাৰণ ভাবে থকা মানুহজন আচলতে অসাধাৰণ ব্যক্তিত্ব তথা প্ৰতিভাৰ অধিকাৰী। সুদীৰ্ঘ ২৫ বছৰ আগতে ইংৰাজী বিষয়ত ৯২% নম্বৰ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ৰূপম মেধীয়ে। কিন্তু কালৰ মেৰপাকত পৰি আজি চিটি বাছত হেণ্ডিমেনৰ কাম কৰিবলগীয়া হৈছে ৰূপম মেধিয়ে।

বৰ্তমান ৰূপম মেধিৰ কন্যা মুম্বাইৰ এটা আগশাৰীৰ প্ৰতিষ্ঠানত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত। আৰু তেওঁৰ পত্নী গুৱাহাটীৰ নুনমাটিত অৱস্থিত অসম জাতীয় বিদ্যালয়ত এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ঘৰৰ অৱস্থা এতিয়া ভাল হোৱাৰ বাবে তেওঁৰ পত্নী আৰু কন্যাই তেওঁক হেণ্ডিমেনৰ কাম বাদ দিবলৈ কয় যদিও তেওঁৰ মতে কৰ্মৰ কোনো সৰু ডাঙৰ নাই। গতিকে তেওঁ এই কৰ্ম সদায় কৰি যাব বুলি মন্তব্য কৰে ভগৱান শৰ্মাক। ৰূপম মেধীয়ে গাড়ীত হেণ্ডিমেন কৰিবলৈ যোৱাৰ আগত ৰাতিপুৱাই উঠি মেট্ৰিক /হাই ছেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজীৰ টিউছন কৰায়।

কথাৰ মাজতে বাছখনত যাত্ৰা কৰা ব্যক্তিজনক উদ্দেশ্যি ৰূপম মেধিয়ে কোৱা দুটামান কথাই গভীৰ ভাৱে প্ৰভাৱ পেলাইছে বুলি নিজৰ ফেচবুকত লিখিছে। ৰূপম মেধীয়ে কৈছিল "All growth depends upon activity. There is no development physically or intellectually without effort, and effort means work" ।সেইদৰে  "মানুহৰ দৃষ্টিত তুমি সৰু কাম কৰিছা কোনো কথা নাই মাথো কাৰো পেটৰ ভাত কাঢ়ি নাখাবা, পাৰিলে দুমুঠি ভাত বেলেগক দিব যত্ন কৰিবা"!

সহজ সৰল ৰূপম মেধী আজি সঁচাকৈয়ে বহুতৰ বাবে প্ৰেৰণাৰ উৎস। ইতিমধ্যে ভগৱান শৰ্মাই ফেচবুকত শ্বেয়াৰ কৰি মানুহজনৰ বিষয়ে কোৱা কথা খিনিয়ে লাভ কৰিছে বিশেষ চৰ্চা।



 
First published: June 1, 2019, 10:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading