ভাৰতত বিবাহ বহুতো ৰীতি-নীতিৰ সৈতে জড়িত বিশাল আৰু জনসমাগম পূৰ্ণ হয়। সকলোৱে তেওঁলোকৰ বিবাহৰ দিনটো তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ দেখাব বিচাৰে। মানুহে সাধাৰণতে তেওঁলোকৰ বিবাহৰ পোছাক, গহণাৰ বিষয়ে অধিক গুৰুত্ব দিয়া দেখা যায়। বিবাহৰ দিনটোৰ বাবে এইবোৰ সামগ্ৰী গোটাবলৈ কেইমাহমান আগৰে পৰা আৰম্ভ কৰে। বহুতো দম্পতীয়ে তেওঁলোকৰ বিবাহক সামাজিক মাধ্যমত ভাইৰেল হ’বলৈ সজ্জা আৰু মনোৰম পৃষ্ঠভূমিৰ সৈতে গঢ় দিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰা দেখা যায়। শেহতীয়াকৈ, এগৰাকী কইনাই তেওঁৰ বিবাহৰ এটা অনুষ্ঠানৰ বাবে বেলেগ কেশবিন্যাস (চুলিৰ সজ্জা) কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, চুলিৰ আনুষঙ্গিক সামগ্ৰীবোৰ সাধাৰণ ৰাইনষ্টোন বা ফুলৰ সলনি চকলেট আৰু টফী আছিল।
চিত্ৰা নামৰ এগৰাকী মেকআপ শিল্পীয়ে চকলেট আৰু টফীৰ সৈতে চুলিৰ সজ্জা কৰা এগৰাকী কইনাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। অনন্য হেয়াৰষ্টাইলত ‘কিট কেট’, ‘৫ ষ্টাৰ’, ‘মিল্কিবাৰ’ আৰু ‘ফেৰেৰো ৰোচাৰ’ৰ দৰে ব্ৰেণ্ডৰ চকলেটৰে সজ্জিত চুলিৰ এটা ষ্টাইল কৰা আছে। কইনাই কাণফুলি হিচাপে ‘মেংগ’ বাইট’ টফী পিন্ধিছিল যি তেওঁৰ হালধীয়া পোছাকৰ সৈতে মিলি গৈছিল। ইয়াৰোপৰি কইনাগৰাকীয়ে শিৰ-পট্টি, মাং-টিক্কা আৰু ডিঙিৰ গহণাত এই চকলেটেৰে সজ্জিত আছিল।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পিছত, ভিডিঅ’টোৱে দুই লাখ লাইক আৰু ছয় নিযুত দৰ্শন লাভ কৰিছে। বহুলোকে মন্তব্য কৰিছে যে, কইনাই শিশুসকলৰ পৰা আঁতৰি থাকিব লাগে কিয়নো তেওঁলোকে চকলেট খাই কইনাৰ চুলি নষ্ট কৰিব পাৰে।
আন এজনে কয় যে, ‘‘শিশুৰ পৰা সুৰক্ষিত থাকক, অন্যথা আপোনাক ভাল দেখিছে।’’
এজন ব্যক্তিয়ে মন্তব্য কৰে যে ‘‘মোৰ মাত্ৰ এটা প্ৰশ্ন আছে, কিয়??’’
অন্য ব্যক্তি এজনে লিখে, ‘‘বন্ধুসকল, এয়া কাৰোবাৰ সৃষ্টিশীলতা আৰু প্ৰতিভা গতিকে আমি সমালোচনা নকৰি ইয়াক প্ৰশংসা কৰা উচিত।’’
বহু লোকে এই কাৰ্যক সাধাৰণভাৱে লয় যদিও কিছু লোকে সমালোচনা কৰাও দেখা গৈছে। এজন ব্যৱহাৰকাৰীয়ে কয় যে, ‘‘আজিকালি চুলি সজ্জা ইমান ধেমেলীয়া হৈ পৰে।’’
এজন ব্যক্তিয়ে কৈছিল, ‘‘তেওঁৰ মেকআপ ভালদৰে কৰা হৈছে, কিন্তু তেওঁৰ মূৰ্খ পছন্দৰ দ্বাৰা নষ্ট কৰিছে।’’
আন এজন ব্যক্তিয়ে মন্তব্য কৰিছিল যে, ‘‘ভাল ধাৰণা, ইয়াৰ পিছত আমি সকলোৰে সৈতে খাব বা ভাগ বতৰা কৰিব পাৰোঁ।’’
Published by: Sehnaz Begum
FIRST PUBLISHED : January 29, 2023, 12:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|