আজিকালি বিয়াৰ অনুষ্ঠানত কইনা আৰু দৰাৰ প্ৰৱেশে পৰিয়ালৰ লগতে উপস্থিত অতিথিসকলৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰে। শেহতীয়াকৈ, সামাজি মাধ্যমত এনে এটা ভিডিঅ’ ভাইৰেল হৈছে য'ত কইনাই পিতৃৰ সৈতে ঝুমৰত থিয় হৈ বিবাহস্থলীত প্ৰৱেশ কৰা দেখা গৈছে। এই সময়ছোৱাত বিয়ালৈ অহা অতিথিসকলক কইনাৰ শৈলী চাবলৈ এৰি দিয়া হৈছিল। ভিডিঅ'টো চোৱাৰ পিছত, সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ইয়াক বিভিন্ন প্ৰকাৰৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে।
দৰাচলতে, ভিডিঅ'টোত কইনা আৰু তেওঁৰ দেউতাকক এটা ডাঙৰ ঝুমৰত বিবাহ গৃহত প্ৰৱেশ কৰা দেখা গৈছে। কইনা আৰু তেওঁৰ দেউতাকক কেইবা ফুট ওপৰৰ চিলিঙৰ সৈতে সংলগ্ন ঝুমৰটোৰ মাজত থিয় হৈ থকা দেখা গৈছে আৰু ঝুমৰটো নিজে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। কিছুমান অতিথিয়ে কইনাগৰাকীক দেউতাকৰ সৈতে এনে প্ৰৱেশ কৰা দেখি আচৰিত হৈছিল। ভিডিঅ'টোত এই বিপদজনক ষ্টাণ্টটো দেখি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও বিচলিত হৈছিল, কিয়নো কইনাগৰাকীৰ দেউতাকো কইনাৰ সৈতে আছিল আৰু তেওঁলোকে এইটো বিপদজনকো প্ৰমাণিত হ'ব পাৰে বুলি ভবা নাছিল।
এই ভিডিঅ'টো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত শ্বেয়াৰ কৰা হৈছে, যিটো ব্যৱহাৰকাৰীসকলে যথেষ্ট দেখিছে আৰু ভাল পাইছে। ভিডিঅ'টো সংক্ৰান্তত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এই ষ্টাণ্টৰ বাহিৰে আন কোনো ধৰণে প্ৰৱেশ কৰা ভাল।"
Published by: Sehnaz Begum
FIRST PUBLISHED : December 11, 2022, 12:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।