• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চৌদিশে মেঘৰ শুকুলা চাদৰ পিন্ধা সেউজ পাহাৰ, মাজতে চঞ্চল ‘চিন্মা’, অসমৰ কাষতে থকা এই মনোৰম জলপ্ৰপাতটোৰ কথা জানেনে?

চৌদিশে মেঘৰ শুকুলা চাদৰ পিন্ধা সেউজ পাহাৰ, মাজতে চঞ্চল ‘চিন্মা’, অসমৰ কাষতে থকা এই মনোৰম জলপ্ৰপাতটোৰ কথা জানেনে?

সুউচ্চ তথা বহল এই জলপ্ৰপাতটোৰ জলৰাশি নিৰৱচ্ছিন্নভাৱে পৰি থকা দৃশ্য চাবলৈ সেইস্থানত ভিৰ কৰিছে বহু প্ৰকৃতিপ্ৰেমীয়ে৷

সুউচ্চ তথা বহল এই জলপ্ৰপাতটোৰ জলৰাশি নিৰৱচ্ছিন্নভাৱে পৰি থকা দৃশ্য চাবলৈ সেইস্থানত ভিৰ কৰিছে বহু প্ৰকৃতিপ্ৰেমীয়ে৷

সুউচ্চ তথা বহল এই জলপ্ৰপাতটোৰ জলৰাশি নিৰৱচ্ছিন্নভাৱে পৰি থকা দৃশ্য চাবলৈ সেইস্থানত ভিৰ কৰিছে বহু প্ৰকৃতিপ্ৰেমীয়ে৷

  • Share this:
যিসকলে প্ৰকৃতিক ভাল, প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কিছু সময় বিলীন হ’ব বিচাৰে, সেইসকলৰ বাবে এখন নৈসৰ্গিক ঠাইৰ সন্ধানত অকোৱা-পকোৱা পথেৰে, অনবৰতে মেঘে লুকা-ভাকু খেলি থকা ওখ ওখ পাহাৰৰ মাজেৰে NEWS18ৰ এক বিশেষ যাত্ৰা৷ এই যাত্ৰা দুধনৈৰ পৰা মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৱস্থিত এক অপূৰ্ব সৌন্দৰ্যৰে ভৰা এডোখৰ ঠাইলৈ৷ দুধনৈৰ পৰা দক্ষিণ দিশে ২১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে মাত্ৰ ৬৯ কিলোমিটাৰ অতিক্ৰম কৰিলে পোৱা যায় সেই বিশেষ ঠাইডোখৰ৷

যাত্ৰা পথত আপোনালোকে উপভোগ কৰিব পাৰিব পথৰ দুয়োকাষে থকা মন জুৰ পেলোৱা প্ৰাকৃতিক সৌন্দৰ্য৷ একা-বেঁকা পথৰ এই যাত্ৰাৰ সময়ত আপুনি দেখিবলৈ পাব শাৰী-শাৰীকৈ থকা আকাশ চুব বিচৰা শাল গছৰ দৃশ্য৷ যি দৃশ্যই আপোনাৰ দেহ মন সতেজ কৰি তুলিব৷ শুকুলা মেঘৰ চাদৰ পিন্ধা পাহাৰৰ মাজেৰে গৈ থাকোতে আপোনালোকে পাব কেইবাটাও ভিউ পইণ্ট, য’ত কিছু সময় ৰৈ উপভোগ কৰিব পাৰিব মেঘালয়ৰ দেহমন পুলকিত কৰিব পৰা দৃশ্য৷



এনেদৰে প্ৰাকৃতিক সৌন্দৰ্যৰ আমেজ লৈ আপুনি উপস্থিত হ’ব পাৰিব সেই বিশেষ স্থানত৷ এয়াই হৈছে মেঘালয়ৰ পশ্চিম খাচী পাহাৰত অৱস্থিত বিশাল চিন্মা জলপ্ৰপাত৷ যিটো জলপ্ৰপাত এতিয়াও কোনো সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱা নাই, আৰু News18 হৈছে প্ৰথম আৰু একমাত্ৰ সংবাদ মাধ্যম যিয়ে প্ৰথমবাৰৰ বাবে এই জলপ্ৰপাতটোত উপস্থিত হৈ ইয়াৰে দৃশ্য দৰ্শকসকলৰ মাজত উপস্থাপন কৰিবলৈ সক্ষম হৈছে৷

সুউচ্চ তথা বহল এই জলপ্ৰপাতটোৰ জলৰাশি নিৰৱচ্ছিন্নভাৱে পৰি থকা দৃশ্য চাবলৈ সেইস্থানত ভিৰ কৰিছে বহু প্ৰকৃতিপ্ৰেমীয়ে৷ এই জলপ্ৰপাতটোৰ সৌন্দৰ্য কেমেৰাত আৱদ্ধ কৰাৰ লগতে জলপ্ৰপাতটোৰ সৈতে ছেল্ফী উঠাটো ব্যস্ত হৈ পৰিছে বহুতে৷ ৰাজ্য তথা দেশত শেহতীয়াকৈ যিহেতু কোৰোণাৰ প্ৰকোপ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে আৰু মানুহেও এতিয়া মুকলি মনেৰে চলা–ফুৰা কৰি স্বাভাৱিক জীৱন যাত্ৰালৈ পুনৰ উভতি আহিছে৷ তেনে সময়তে প্ৰকৃতিৰ পৰশ বিচাৰি বহুতে এতিয়া ঢাপলি মেলিছে এই জলপ্ৰপাতটোলৈ৷ বিলীন হৈ পৰিছে প্ৰকৃতিৰ মাজত৷

জলপ্ৰপাতটোৰ পাৰত ৰৈ থাকিলে আপুনিও দেখিবলৈ পাব জলৰাশিৰ কনিকা আৰু সূৰ্যৰ ৰশ্মিৰ সংমিশ্ৰণত উৎপত্তি হোৱা সাতোৰঙী ৰামধেনু৷ মেঘালয়ত থকা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা কেইবাটাও জলপ্ৰপাতৰ পানী সাধাৰণতে খৰালি মাহত শুকাই যায় যদিও এই চিন্মা জলপ্ৰপাতটোৰ পানী বছৰটোৰ আটাইকেইটা মাহতে অহৰহ ভাৱে পৰি থাকে বুলি একাংশই ক’ব বিচাৰে৷

আনহাতে, পৰ্যাটনস্থলীৰ বাবে যথেষ্ট সম্ভাৱনাময় এই  জলপ্ৰপাতটোৰ ক্ষেত্ৰত মেঘালয় চৰকাৰে এতিয়ালৈকে বিশেষ ভাৱে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই যদিও দৈনিক অসম আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ শ শ পৰ্যাটকৰে ভৰি পৰিছে এই চিন্মা জলপ্ৰপাত৷
Published by:Sanjay Kumar Das
First published: