বিবাহ সকলোৰে জীৱনৰ এক বিশেষ উপলক্ষ, এক বিশেষ মুহূৰ্ত। ছচিয়েল মিডিয়াত এনে বহুতো বিবাহৰ ভিডিঅ' ভাইৰেল হৈ পৰে, যিবোৰ যথেষ্ট ধেমেলীয়া হয় আৰু ব্যৱহাৰকাৰীসকলে সেইবোৰ চোৱাৰ পিছত হাঁহি ৰখাব নোৱাৰে। অৱশ্যে, কিছুমান এনে বিবাহ আছে যিয়ে এক বেলেগ ধৰণৰ দৃশ্য প্ৰদান কৰে, মানুহক ভাবিবলৈ বাধ্য কৰায়। শেহতীয়াকৈ বিবাহ অনুষ্ঠানৰ এনে এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, যি বৰ্তমান মানুহৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে।
বিবাহৰ বাবে প্ৰেম আৰু সন্মান অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। বিবাহ হৈছে এক অতি ডাঙৰ তথা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যাক চিৰদিনৰ বাবে বৰ্তাই ৰাখিব লাগে। সেইকাৰণে কোৱা হয় যে বিবাহৰ সিদ্ধান্ত অতি চিন্তাশীলভাৱে লোৱা উচিত। অৱশ্যে, হৃদয়ত বয়সৰ পাৰ্থক্য বা সৌন্দৰ্য তথা চেহেৰাৰ কোনো গুৰুত্ব নাথাকে। বিবাহৰ এনে এটা ভিডিঅ' বৰ্তমান ভাইৰেল হৈছে যি সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভাইৰেল হোৱা বিবাহৰ এই ভিডিঅ'টোত এজন ২১ বছৰীয়া ল’ৰা আৰু এগৰাকী ৫২ বছৰীয়া মহিলা বিবাহ পাশত আৱদ্ধ হৈছে।
ভাইৰেল ভিডিঅ'টোত ল’ৰাজনে মহিলাগৰাকীক বিয়া কৰিছে বুলি কোৱাৰ লগতে প্ৰেমৰ কোনো বয়স নাই, এজন মানুহক হৃদয়েৰেহে চোৱা যায়; হৃদয় ভাল হ’লে সকলো ভাল হয় বুলি কোৱা পৰিলক্ষিত হৈছে। একে সময়তে, ৫২ বছৰীয়া কইনাই দৰাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি উল্লেখ কৰাৰ লগতে কয় যে মহিলাগৰাকীয়ে ল’ৰাজনক ৩ বছৰ ধৰি চিনি পায়।
মানুহে এই ভিডিঅ'টোত বহুতো মন্তব্য কৰিছে। এজনে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘‘মাতৃৰ সমান এগৰাকী মহিলাক বিয়া কৰাবলৈ কোনো লাজ লগা নাই।’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘‘কন্যাসকল এতিয়া পুত্ৰৰ সমান। যেতিয়া এজন পুৰুষে কন্যাৰ সমান ছোৱালীক বিয়া কৰিব পাৰে, তেন্তে এগৰাকী মহিলাই তেওঁৰ পুত্ৰৰ সমান ল’ৰাক বিয়া কৰিব নোৱাৰে কিয়??? এই কলিযুগত এতিয়া সকলো সম্ভৱ।"
Published by: Sehnaz Begum
FIRST PUBLISHED : December 13, 2022, 09:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।