মাত্ৰ ৫৫ ছেকেণ্ডতে “শিৱ তাণ্ডৱ স্তোত্ৰ” মুখস্থ মাতি অভিলেখ ৯ বছৰীয়া দিল্লীৰ এইগৰাকী বিস্ময় বালকৰ ...

News18 Assam | News18-Assam
Updated:April 24, 2021, 4:31 PM IST
মাত্ৰ ৫৫ ছেকেণ্ডতে “শিৱ তাণ্ডৱ স্তোত্ৰ” মুখস্থ মাতি অভিলেখ ৯ বছৰীয়া দিল্লীৰ এইগৰাকী বিস্ময় বালকৰ ...
লংকাৰ ৰজা ৰাৱণে সংস্কৃতত লিখা শিৱ তাণ্ডৱ স্তোত্ৰৰ ১৫ টা শ্লোক মাত্ৰ ৫৫.২৯ ছেকেণ্ডত সমাপ্ত কৰি অভিলেখ ৰচিলে দিল্লীৰ ভিভান গুপ্তাই ৷

লংকাৰ ৰজা ৰাৱণে সংস্কৃতত লিখা শিৱ তাণ্ডৱ স্তোত্ৰৰ ১৫ টা শ্লোক মাত্ৰ ৫৫.২৯ ছেকেণ্ডত সমাপ্ত কৰি অভিলেখ ৰচিলে দিল্লীৰ ভিভান গুপ্তাই ৷

  • Share this:
সংস্কৃত শ্লোক মুখস্থ কৰি, সেয়া শুদ্ধকৈ মাতিব পৰাটো কোনো সহজ কাম নহয় ৷ বছৰ বছৰ জুৰি চেষ্টা চলাইয়ো বহু লোকে এয়া কৰিব নোৱাৰে, তাকো ৫৫ ছেকেণ্ডত ৷ কিন্তু সকলোকে আচৰিত কৰি এই কাম কৰি দেখুৱাইছে ৰাজধানী দিল্লীৰ এগৰাকী শিশুৱে ৷

দিল্লীৰ ৯ বছৰীয়া ভিভান গুপ্তাই ৫৫.২৯ ছেকেণ্ডতে মাতিব পাৰে ১৫ টা শ্লোক সম্বলিত শিৱ তাণ্ডৱ স্তোত্ৰ ৷ যাৰ বাবেই দুবছৰতকৈও কম সময়ৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় ভিভান ।

সংবাদ সংস্থা ANIৰ এক প্ৰতিবেদন অনুসৰি, উত্তৰ-পশ্চিম দিল্লীৰ পীতাম্পুৰা অঞ্চলৰ বাল ভাৰতী পাব্লিক স্কুলৰ ছাত্ৰ ভিভানে তেওঁৰ আইতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, যিয়ে এই শ্লোকবোৰ এক ৰীতি হিচাপে পাঠ কৰে । ভিভান ইয়াৰ দ্বাৰা ইমান আকৰ্ষিত হৈছিল যে প্ৰতিদিনে তেওঁ এই শ্লোকবোৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰিছিল । ভিভানৰ এই অনুশীলন যেতিয়া তেওঁৰ ককাক অনিল গুপ্তাই শুনিছিল, তেওঁ ভিভানৰ শ্লোকৰ জটিল বাক্যাংশবোৰ দ্ৰুতগতিত মনত ৰখাৰ ক্ষমতা চিনাক্ত কৰিছিল আৰু ইয়াৰ ভিভানক উৎসাহিতও কৰিছিল।

এই সম্পৰ্কে ভিভানৰ ককাকে জনায় যে ভিভানৰ এই অভিলেখক তেওঁ গৌৰৱান্বিত, কিয়নো এই জটিল শ্লোক মনত ৰখা আৰু পিছত ৰেকৰ্ডৰ সময়ত ইয়াক আবৃত্তি কৰাটো সহজ নহয়।

দৰাচলতে শিৱ তাণ্ডৱ স্ত্ৰোম হৈছে শক্তি আৰু সৌন্দৰ্যৰ প্ৰশংসা কৰিবলৈ ভগৱান শিৱৰ এজন উগ্ৰ ভক্ত লংকাৰ ৰজা ৰাৱণে গোৱা কিছু জটিল স্তৱক। জনশ্ৰুতি আছে যে শিৱ তাণ্ডৱ স্ত্ৰোম উচ্চাৰণ কৰা বা শুনাটোৱে সকলোৰে নেতিবাচক শক্তি আঁতৰ কৰাৰ লগতে এজন ব্যক্তিক অপৰিসীম শক্তিৰ লগতে মানসিক শক্তিও প্ৰদান কৰে।

উল্লেখ্য যে, ইতিপূৰ্বেও মাত্ৰ আঠ বছৰ বয়সতে সাতখন মহাদেশ ভ্ৰমণ কৰা আটাইতকৈ কনিষ্ঠ ব্যক্তি হিচাপেও ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিছিল ভিভানে। ২০১৫ চনত উত্তৰ কানাডা (উত্তৰ আমেৰিকা)ৰ সৈতে আৰম্ভ কৰি মাত্ৰ চাৰি বছৰতে সাতখন মহাদেশ আৰু সমগ্ৰ বিশ্বৰ ৩২ খন দেশ ভ্ৰমণ কৰিছিল ভিভানে ৷
Published by: Kokil Sarma
First published: April 24, 2021, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি