বৃহৎ লোকচানেৰে চলি থকা ৰাজহুৱা ৰাজহুৱা টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডে প্ৰায় ৮০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ভূমি ভাড়াত দি পুঁজি সংগ্ৰহ কৰি থকা BSNL–এ ব্যয় হ্ৰাস কৰা বাবেই এতিয়া এনে সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে।
দেশত এতিয়া ভয়ংকৰ আৰ্থিক সংকট। আৰ্থিক মন্দাৱস্থাৰ ফলত এতিয়া চাকৰি হেৰুৱাইছে দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে। আৰ্থিক সংকট নিৰাময় কৰাত সহায় হোৱাকৈ ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰাকাৰক দিছে আৰ্থিক সাহাৰ্য।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া বিদেশ ভ্ৰমণত ব্যস্ত। ৰাছিয়া ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি লগত বাণিজ্যিক চুক্তি কৰিছে। কিন্তু একেটা সময়তে দেশৰ অৰ্থনীতি আৰু শ্বেয়াৰ বজাৰ প্ৰতিদিনে নিম্নগামী হোৱা দেখা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|