7th Pay Commission Latest News: কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। দেশৰ লাখ লাখ কৰ্মচাৰীয়ে শীঘ্ৰে নৱবৰ্ষৰ উপহাৰ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে পাবলগীয়া ডি এৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, যাৰ ফলত উপকৃত হ’ব ৪৮ লখ কৰ্মচাৰী আৰু ৬০ লাখ পেঞ্চনভোগী। ইয়াৰ উপৰি জানুৱাৰী মাহৰ দৰমহাৰ সৈতে ৪৫০০ টকা অতিৰিক্তভাৱে আহিব পাৰে।
কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰীক চিলড্ৰেন এডুকেচন এলাউঞ্চ Children Education Allowance - CEA)ৰ সুবিধা প্ৰদান কৰা হয়। যদি আপুনি এতিয়ালৈ ইয়াৰ বাবে ক্লেইম কৰা নাই তেন্তে এতিয়া আপুনি সহজে কৰিব পাৰে। ইয়াৰ বাবে আপুনি কোনো অফিচিয়েল নথি দিব নালাগে।
READ| মাৰ্চৰ পূৰ্বে কৰি লওক এই কাম, মোদী চৰকাৰে চিধাই আপোনাৰ একাউণ্টলৈ পঠিয়াব ১০ হাজাৰ টকা
সপ্তম দৰমহা আয়োগৰ মতে, চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ সন্তানৰ শিক্ষাৰ বাবে ২২৫০ টকা এডুকেচন এলাউঞ্চ প্ৰদান কৰে। বিগত বৰ্ষত কোৰোণাৰ বাবে বহু কৰ্মচাৰীয়ে ইয়াৰ বাবে ক্লেইম কৰিব পৰা নাছিল। এতিয়া ইয়াৰ বাবে আবেদন কৰিব পাৰে। চৰকাৰে এই সিদ্ধান্তৰ সুবিধা ২৫ লাখ কেন্দ্ৰীয় কৰ্মচাৰীয়ে পাইছিল।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ২টা সন্তানৰ শিক্ষাৰ বাবে প্ৰতিজনৰ ২২৫০ টকাকৈ লাভ কৰে। যদি কোনো কৰ্মচাৰীৰ দুটা সন্তান আছে তেন্তে তেওঁৰ একাউণ্টত ৪৫০০ টকা আহিব।
Published by: Sanjay Kumar Das
First published: January 18, 2022, 10:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|