যদি মোদী চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰে তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা অৰ্থাৎ বেছিক ছেলাৰী বৃদ্ধি পাব।
যদি মোদী চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰে তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা অৰ্থাৎ বেছিক ছেলাৰী বৃদ্ধি পাব।
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে শীঘ্ৰে লাভ কৰিব পাৰে ভাল খবৰ। মিডিয়া ৰিপ’ৰ্ট মতে, ফিটমেণ্ট ফেক্টৰক লৈ বুধবাৰে হ’বলগীয়া কেবিনেট বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। যদি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেউজ সংকেত আহে তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ন্যূনতম বেছিক ছেলাৰী ১৮ হাজাৰ টকাৰ ঠাইত ২৬ হাজাৰ টকা হ’ব।
জানিব পৰা মতে, ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হ’ব পাৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ হয়। যদি মোদী চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰে তেন্তে কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা অৰ্থাৎ বেছিক ছেলাৰী বৃদ্ধি পাব।
উল্লেখযোগ্য যে কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী, তেওঁলোকৰ ফিটমেণ্ট ফেক্টৰ ২.৫৭ শতাংশৰ পৰা বৃদ্ধি কৰি ৩.৬৮ শতাংশ কৰা হওক। বৰ্তমান কৰ্মচাৰীসকলে ২.৫৭ শতাংশৰ হিচাপত দৰমহা পায়। যদি ইয়াক বৃদ্ধি কৰি ৩.৬৮ শতাংশ কৰা হয় তেন্তে কৰ্মচাৰীৰ ন্যূনতম বেতন ৮ হাজাৰ টকা বৃদ্ধি হ’ব। অৰ্থাৎ কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম দৰমহা ১৮ হাজাৰ টকাৰ পৰা বৃদ্ধি হৈ ২৬ হাজাৰ হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|