• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 7Th Pay Commission: ৮ হাজাৰ টকা বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ!

7Th Pay Commission: ৮ হাজাৰ টকা বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ!

কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ অনুমতি দিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম বেছিক বেতন ১৮ হাজাৰ টকাৰ পৰা ২৬ হাজাৰ টকা হ’ব।

কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ অনুমতি দিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম বেছিক বেতন ১৮ হাজাৰ টকাৰ পৰা ২৬ হাজাৰ টকা হ’ব।

কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ অনুমতি দিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম বেছিক বেতন ১৮ হাজাৰ টকাৰ পৰা ২৬ হাজাৰ টকা হ’ব।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ! কাৰণ শীঘ্ৰে বৃদ্ধি পাব তেওঁলোকৰ বেতন। আচলতে কেন্দ্ৰীয় চৰকাৰে খুব শীঘ্ৰে ফিটমেণ্ট ফেক্টৰ (Fitment Factor) বৃদ্ধিৰ অনুমোদন দিয়াৰ প্ৰস্তুতি চলাইছে। জনা গৈছে, আগন্তুক ৩ আগষ্টত মন্ত্ৰীসভাৰ বৈঠক হোৱাৰ কথা আছে। আৰু সেই বৈঠকতে এই বিষয়টোক লৈ সিদ্ধান্ত লোৱা হ’ব পাৰে। আনকি ইয়াৰ অনুমোদনো দিব পাৰে কেন্দ্ৰীয় চৰকাৰে।

ৰিপ’ৰ্ট অনুসৰি, কেন্দ্ৰীয় চৰকাৰে যদি এই অনুমতি দিয়ে তেন্তে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে সুখৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত অনুমতি দিলে ২০২২ চনৰ ১ ছেপ্টেম্বৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন বহু পৰিমাণে বৃদ্ধি পাব।

কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ অনুমতি দিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম বেছিক বেতন ১৮ হাজাৰ টকাৰ পৰা ২৬ হাজাৰ টকা হ’ব। অৰ্থাৎ প্ৰতিমাহে ৮ হাজাৰ টকা বেতন বাঢ়িব। আৰু বছৰি ৯৬ হাজাৰ টকাৰ বেছিক বেতন বৃদ্ধি পাব।

বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীসকলক ২.৫৭ শতাংশ অনুসৰি ফিটমেণ্ট ফেক্টৰৰ অধীনত বেতন দিয়া হয়। এয়া বৃদ্ধি কৰি যদি ৩.৬৮ শতাংশ কৰা হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যূনতম বেতন প্ৰতিমাহত ৮ হাজাৰ টকা বাঢ়িব। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ হয়।

ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ’লে যদি বেছিক বেতন ১৮ হাজাৰৰ পৰা বাঢ়ি ২৬ হাজাৰ হয়, তেন্তে কৰ্মতাৰীৰ দৰমহাও বহু পৰিমাণে বাঢ়িব। যদি কোনো কৰ্মচাৰীৰ ন্যূনতম বেতন ১৮ হাজাৰ টকা হয়, তেন্তে ২.৫৭ শতাংশ ফিটমেণ্ট ফেক্টৰ অনুসৰি পাব ৪৬,২৬০ টকা। কিন্তু যদি ফিটমেণ্ট ফেক্টৰ ৩.৬৮ শতাংশ হয়, তেন্তে বেতন বৃদ্ধি হৈ হ’ব ৯৫,৬৮০ টকা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি