শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা, পেঞ্চনাৰসকললৈও বিশেষ উপহাৰ কেন্দ্ৰৰ!

News18 Assam | News18-Assam
Updated:February 25, 2021, 12:00 PM IST
শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা, পেঞ্চনাৰসকললৈও বিশেষ উপহাৰ কেন্দ্ৰৰ!
কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অধীনস্থ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আগন্তুক ৰঙৰ উৎসৱ হোলীৰ সময়তে ডি এ(DA) ঘোষণা কৰিবলৈ সাজু হৈছে।

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অধীনস্থ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আগন্তুক ৰঙৰ উৎসৱ হোলীৰ সময়তে ডি এ(DA) ঘোষণা কৰিবলৈ সাজু হৈছে।

  • News18 Assam
  • Last Updated: February 25, 2021, 12:00 PM IST
  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলে অতি শীঘ্ৰেই লাভ কৰিব পাৰে এটা ভাল খবৰ। যিয়ে মহামাৰীৰ কোৰোণা ভাইৰাছৰ বাবে অহা বিত্তীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সহায় কৰিব পাৰে।

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অধীনস্থ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আগন্তুক ৰঙৰ উৎসৱ হোলীৰ সময়তে ডি এ(DA) ঘোষণা কৰিবলৈ সাজু হৈছে। যিহেতু বিগত বছৰত চৰকাৰে মহামাৰীৰ কোৰোণাৰ ত্ৰাসৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডি এ(DA) বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

দৰাচলতে কোৰোণা মহামাৰীৰ বাবেই কেন্দ্ৰীয় চৰকাৰে ইয়াৰ অধীনস্থ কৰ্মচাৰীসকলৰ ডি এ(DA) হ্ৰাস কৰিছিল। কিন্তু এতিয়া আশা কৰা হৈছে যে এই বৰ্ষৰ জানুৱাৰীৰ পৰা জুনৰ ভিতৰতেই বৃদ্ধি হ'ব পাৰে কৰ্মচাৰীসকলৰ ডি এ(DA)।

তথ্য অনুসৰি, কেন্দ্ৰীয় কৰ্মচাৰীসকলে শীঘ্ৰেই লাভ কৰিব বৰ্ধিত দৰমহা। লগতে চৰকাৰে পেন্সনাৰসকলকো ডি এ(DA)ৰ সকাহ দিব পাৰে। সপ্তম বেতন আয়োগৰ মতে ডি এ(DA) ঘোষণাৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহাত অধিক বৃদ্ধি হ'ব।

কোৰোণা মহামাৰীৰ প্ৰতি লক্ষ্য চৰকাৰে বিগত বৰ্ষত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। য'ত  ডি এ(DA)ৰ পুৰণি হাৰ অৰ্থাৎ ১৭ শতাংশ ২০২১ৰ জুনলৈ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ইপিনে ২০২০ৰ জুলাইৰ পৰা ডিচেম্বৰৰ বাবে অতিৰিক্ত চাৰি শতাংশ  ডি এ(DA) এতিয়াও তেওঁলোকৰ মাহিলী দৰমহাত যোগ কৰা হোৱা নাই।

হোলীৰ সময়তে লাভ কৰিব পাৰে এই উপহাৰ -

এইটোৱে কাৰণ যে, বৰ্তমানৰ  ডি এ(DA)ৰ হাৰ ২১ শতাংশ যদিও ইয়াতকৈ চাৰি শতাংশ কমকৈ ডি এ(DA) লাভ কৰি আছে কৰ্মচাৰীসকলে। যাৰ বাবে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আশা কৰিছে যে,  হোলীৰ সময়তে চৰকাৰে তেওঁলোকক এই উপহাৰ দিব পাৰে। চৰকাৰৰ এই ঘোষণাৰ ফলত ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ পেঞ্চনাৰ উপকৃত হ'ব।

এ চি পি আইৰ তথ্য অনুসৰি, নৰেন্দ্ৰ মোদী চৰকাৰে জানুৱাৰীৰ পৰা জুন ২০২১ৰ বাবে চাৰি শতাংশ ডি এ(DA) ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ অৰ্থ হৈছে যে ডি এ(DA) বাহাল  কৰাৰ পিছত তেওঁলোকৰ ডি এ(DA) মূল মাহিলী দৰমহা (১৭+৪+৪) অৰ্থাৎ মুঠ ২৫ শতাংশ বৃদ্ধি হ'ব পাৰে। ৭ম বেতন আয়োগৰ মতে, ডি এ(DA) ঘোষণা কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ টি এ(TA) নিজে নিজেই বৃদ্ধি পাব। ডি এ(DA) ঘোষণাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাহিলী দৰমহা বৃদ্ধি পাব। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই ভাল খবৰটোলৈ অধিক আগ্ৰহেৰে বাট চাই আছে।
Published by: Sanjay Kumar Das
First published: February 25, 2021, 12:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি