• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 7th Pay Commission : চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন বছৰত ডাঙৰ উপহাৰ, বাঢ়িব দৰমহা!

7th Pay Commission : চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন বছৰত ডাঙৰ উপহাৰ, বাঢ়িব দৰমহা!

২০২৩ত কৰ্মচাৰীসকলৰ ডিএ সংশোধন হ’ব। জানিব পৰা মতে, কৰ্মচাৰীসকলৰ ডিএ আগন্তুক বৰ্ষত চৰকাৰে ৪ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নতুন বছৰত আহিব পাৰে ভাল খবৰ। চৰকাৰে আগন্তুক বৰ্ষৰ আৰম্ভণিতে কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰিব পাৰে। প্ৰতি বছৰে দুবাৰ ডিএ বৃদ্ধি কৰে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে জুলাই ২০২২ৰ পৰা ৩৮ শতাংশ ডিএ লাভ কৰি আছে। ডিএ বৃদ্ধি AICPIৰ সূচাংকৰ ওপৰত আধাৰিত হয়। কৰ্মচাৰীসকলক ডিএ প্ৰদান কৰাৰ বিপৰীতে পেঞ্চনাৰসকলে লাভ কৰে ডিআৰ।

২০২৩ত কৰ্মচাৰীসকলৰ ডিএ সংশোধন হ’ব। জানিব পৰা মতে, কৰ্মচাৰীসকলৰ ডিএ আগন্তুক বৰ্ষত চৰকাৰে ৪ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ডিএ বৃদ্ধি হৈ ৪২ শতাংশ হ’ব পাৰে।

২০২২ত চৰকাৰে দুবাৰত চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ ৭ শতাংশ বৃদ্ধি কৰিছে। জানুৱাৰীত ডিএ ৩১ শতাংশৰ পৰা বৃদ্ধি কৰি ৩৪ শতাংশ কৰা হৈছিল। আনহাতে, জুলাইত চৰকাৰে ডিএ ৪ শতাংশ বৃদ্ধি কৰাৰ ফলত ৩৪ শতাংশৰ পৰা গৈ ৩৮ শতাংশ হৈছিল। চৰকাৰৰ এই পদক্ষেপৰ ফলত ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬২ লাখ পেঞ্চনাৰ উপকৃত হৈছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি