• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এইসকল কৰ্মচাৰীয়ে পাব পাৰে এটা সুখবৰ, একমুহূৰ্ততে দৰমহা বাঢ়িবগৈ ১০ হাজাৰ টকা!

এইসকল কৰ্মচাৰীয়ে পাব পাৰে এটা সুখবৰ, একমুহূৰ্ততে দৰমহা বাঢ়িবগৈ ১০ হাজাৰ টকা!

বৃহৎ পৰিমাণৰ দৰমহা বৃদ্ধি পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ। কিয়নো কেন্দ্ৰীয় চৰকাৰে দিয়া সংকেত অনুসৰি ১ জুলাইৰ পৰা ডেয়াৰনেছ এলাৱেঞ্চ বৃদ্ধি কৰিব।

  • Share this:
    কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ সুখবৰ। বৃহৎ পৰিমাণৰ দৰমহা বৃদ্ধি পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ। কিয়নো কেন্দ্ৰীয় চৰকাৰে দিয়া সংকেত অনুসৰি ১ জুলাইৰ পৰা ডেয়াৰনেছ এলাৱেঞ্চ বৃদ্ধি কৰিব। ইয়াৰ ফলত ৪ৰ পৰা ৫ শতাংশ দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা। ৪ শতাংশকৈ হ’লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেতন বাঢ়িব ৭২০ টকাৰ পৰা ১০,০০০ টকাপৰ্যন্ত। যি পদত আছে তাৰ ভিত্তিতহে নিৰ্ভৰ হ’ব কিমানকৈ বাঢ়িব দৰমহা।

    অখিল ভাৰতীয় উপভোক্তা মূল্য সূচাংকৰ তথ্য জুন মাহৰ পিছতহে পোৱা যায়। সেয়ে তাৰ পৰা স্পষ্ট হ’ব যে কিমান শতাংশ ডেয়াৰনেছ এলাৱেঞ্চ বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৰ্তমানৰ ডেয়াৰনেছ এলাৱেঞ্চ ১২ শতাংশ। চৰকাৰৰ ফালৰ পৰা ৪ শতাংশ বাঢ়িলে ডেয়াৰনেছ এলাৱেঞ্চ হ’বগৈ ১৬ শতাংশ।

    উল্লেখ্য যে সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীৰ বৰ্ধিত দৰমহা সমান অনুপাতত বৃদ্ধি পায়। আৰু বৃদ্ধিৰ পাছত লেবেল ১ৰ পৰা ১৮লৈকে বিষয়াৰ দৰমহা (তেওঁলোকৰ দৰমহা অনুসৰি) সমান অনুপাতত বৃদ্ধি পাব। লেবেল ১ প্ৰাৰম্ভিক স্তৰ আৰু লেবেল ১৮ উচ্চতম শ্ৰেণী।

    সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে লেবেল ১ স্তৰৰ বিষয়াৰ মূল বেতন ১৮ হাজাৰ টকা প্ৰতিমাহৰ দৰমহা নিৰ্ধাৰণ কৰা হৈছে। লেবেল ১৮ৰ বিষয়াৰ দৰমহা ২.৫ লাখ টকা প্ৰতিমাহে নিৰ্ধাৰণ কৰা হৈছে।
    First published: