• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • 7th Pay Commission: চৰকাৰী কৰ্মচাৰীয়ে শীঘ্ৰে লাভ কৰিব ভালখবৰ! দৰমহা বঢ়াৰ লগতে বৃদ্ধি পাব অন্যান্য সা-সুবিধা

7th Pay Commission: চৰকাৰী কৰ্মচাৰীয়ে শীঘ্ৰে লাভ কৰিব ভালখবৰ! দৰমহা বঢ়াৰ লগতে বৃদ্ধি পাব অন্যান্য সা-সুবিধা

কেন্দ্ৰীয় কৰ্মচাৰীসকলে শীঘ্ৰে চৰকাৰৰ পৰা ভালখবৰ লাভ কৰিবলৈ গৈ আছে।

কেন্দ্ৰীয় কৰ্মচাৰীসকলে শীঘ্ৰে চৰকাৰৰ পৰা ভালখবৰ লাভ কৰিবলৈ গৈ আছে।

কেন্দ্ৰীয় কৰ্মচাৰীসকলে শীঘ্ৰে চৰকাৰৰ পৰা ভালখবৰ লাভ কৰিবলৈ গৈ আছে।

  • Share this:
কেন্দ্ৰীয় কৰ্মচাৰীসকলে শীঘ্ৰে চৰকাৰৰ পৰা ভালখবৰ লাভ কৰিবলৈ গৈ আছে। দৰমহা বৃদ্ধিৰ পৰা আৰম্ভ কৰি বহুখিনি সা-সুবিধা লাভ কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। ইয়াৰ জৰিয়তে উপকৃত হ'ব দেশৰ ১ কোটিতকৈও অধিক লোক।

DA বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ

মাৰ্চ মাহত চৰকাৰে কৰ্মচাৰীসকলৰ DA বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিবলৈ গৈ আছে। বৰ্ধিত ডিএ ঘোষণা কৰাৰ আছে পূৰ্ণ সম্ভাৱনা। ডিচেম্বৰ AICPI-এ প্ৰকাশ কৰা তথ্য অনুসৰি, চৰকাৰে DA ৩ শতাংশ বৃদ্ধি কৰিব পাৰে।

৩৪ শতাংশ DA বৃদ্ধি হ'ব পাৰে:

শ্ৰম মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, AICPIৰ সংখ্যা ১২৫.৪ত উপনীত হৈছে। ই কৰ্মচাৰীসকলৰ ডিএ ৩ শতাংশ বৃদ্ধি কৰিব। বৰ্তমান কৰ্মচাৰীসকলকল ডি.এ. ৩১ শতাংশ হাৰত দিয়া হৈছে। যদি অতিৰিক্ত ৩ শতাংশ বৃদ্ধি কৰা হয়, তেন্তে ৩৪ শতাংশলৈ বৃদ্ধি পাব।

৯০ হাজাৰ টকা পৰ্যন্ত বাঢ়িব দৰমহাঃ

যদি আপুনি কেবিনেট সচিবৰ ফালে লক্ষ্য কৰে তেন্তে দেখিব যে, বিষয়াসকলে দৰমহা ২.৫ লাখৰ আশে পাশে। তেওঁলোকৰ দৰমহাৰ হিচাপত প্ৰতি মাহে ৭৫০০ টকা বৃদ্ধি হ'ব। যদি এই লোকসকলক বাৰ্ষিক ভিত্তিত চোৱা হয়, তেন্তে ৯০ হাজাৰ পৰ্যন্ত লাভ হ'ব।
Published by:Himangshu Bhuyan
First published: