• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • wife has right to refuse sex: মহিলাইও পুৰুষক ক'ব পাৰে NO! চৰকাৰী জৰীপত আচৰিত তথ্য!

wife has right to refuse sex: মহিলাইও পুৰুষক ক'ব পাৰে NO! চৰকাৰী জৰীপত আচৰিত তথ্য!

মহিলাইও না ক'ব পাৰে।

মহিলাইও না ক'ব পাৰে।

wife has right to refuse sex: এই জৰীপত ৩১ শতাংশ পুৰুষে পত্নীক প্ৰৱঞ্চনাক কৰাটো ন্যায়সংগত বুলি মত প্ৰকাশ কৰে। পুৰুষসকলৰ এইটো মত যে যদি পত্নীয়ে যৌন সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰে তেন্তে পুৰুষে অন্য নাৰীৰ সৈতে যৌন সম্ভোগ কৰাটো ভুল নহয়।

  • Share this:
কিছুদিন আগতে 'পিংক' নামৰ এখন চিনেমা মুক্তি পাইছিল য'ত নায়ক নায়িকাৰ মাজত ভাল বন্ধুত্ব আছিল। নায়িকাই নায়কৰ লগত সকলোতে গৈছিল। ফুৰাৰ পৰা আৰম্ভ কৰি ডিস্কোলৈকে। পাৰ্টী আদিতো নায়কৰ সৈতে মুকলিমুৰিয়াকৈ নাচগান কৰিছিল। নায়িকাৰ এনে আচৰণকেই নায়িকাৰ যৌন ক্ষুধাৰ ইচ্ছা ৱুলি ভাবি লৈ এদিন নায়কে যৌন সম্পৰ্ক কৰাৰ প্ৰস্তাব দিছিল। কিন্তু নায়িকাই সেয়া প্ৰত্যাখ্যান কৰিছিল। তাৰ পিছতো বাৰম্বাৰ নায়কে নায়িকাক মিলনৰ আহ্বান জনাইছিল কিন্তু বাৰম্বাৰ নায়িকাই নায়কক কৈছিল NO. এই চিনেমাখনৰ পৰা এটা কথাই পতীয়মান হয় যে মহিলাই যদি এবাৰ NO কয় সেয়া সদায় NO।  অৰ্থাৎ No Means No !

মহিলাই পুৰুষৰ যৌন সম্ভোগৰ প্ৰস্তাব প্ৰত্যাখ্যান কৰিব পাৰে। 'পিংক' চিনেমাখনৰ কাহিনীয়ে কিমানক এই বিষয়ে সচেতন কৰিলে তাৰ হিচাপ ল'ব পৰা নাযায়। কিন্তু কেৰালাত মহিলাৰ সকলৰ এই অধিকাৰক একপ্ৰকাৰ ভৰপুৰ স্বীকৃতি দিছে পুৰুষসকলে। ভাৰত চৰকাৰৰ ফেমিলী জৰীপে এই কথাকে প্ৰমাণ কৰিছে।

TOIৰ এক প্ৰতিবেদন অনুসৰি কেৰালাত মহিলাতকৈ পুৰুষসকলে এই কথাটোত অধিক সহমত প্ৰকাশ কৰিছে যে যৌন সম্ভোগৰ ক্ষেত্ৰত মহিলাৰ সন্মতি অতি জৰুৰী। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৯-২০২০ৰ প্ৰতিবেদন অনুসৰি কেৰালাৰ ৭৫ শতাংশ পুৰুষে এইটো মানে যে যদি মহিলাগৰাকীৰ ইচ্ছা নাথাকে, মহিলাগৰাকী ভাগৰুৱা হৈ থাকে, যদি পতি প্ৰৱঞ্চক হয় নাইবা যদি পতিৰ কোনো যৌন ৰোগ থাকে তেন্তে পত্নীৰ সম্পূৰ্ণ অধিকাৰ থাকে যে যৌন সম্ভোগৰ প্ৰস্তাৱ প্ৰত্যাখ্যন কৰিব পাৰে। পুৰুষৰ ৭৫ শতাংশৰ বিপৰীতে ৭২ মহিলাই যৌন সম্ভোগৰ প্ৰস্তাৱ নাকচ কৰিবলৈ পত্নীৰ অধিকাৰ আছে বুলি মত দিছিল।

এই প্ৰতিবেদনত পোহৰলৈ আহিছে আন কিছুমান চাঞ্চল্যকৰ তথ্যও। যদিও কেৰালাৰ ৭৫ শতাংশ পুৰুষে পত্নীৰ সন্মতি যৌন সম্ভোগৰ বাবে জৰুৰী বুলি মত দিছে সামগ্ৰীক ভাৱে ১০.৪ শতাংশ পুৰুষে পত্নীয়ে যৌন সম্পৰ্ক নকৰিলে পত্নীক মাৰপিট কৰাটো ন্যায়সংগত বুলি কয়। আচৰিত ধৰণে এই কথাত মহিলাৰ সমৰ্থন পুৰুষতকৈও অধিক। ১৩.১ শতাংশ মহিলাই যৌন সম্পৰ্ক নকৰিলে পুৰুষে মহিলাক  মাৰিব পাৰে বুলি মত প্ৰকাশ কৰে। লক্ষণীয় ভাৱে প্ৰায় ৮ শতাংশ অবিবাহিত যুৱতীয়েও পুৰুষে মহুলাক মৰাটো সমৰ্থন কৰে।

পিছে পত্নীয়ে যৌন সম্পৰ্ক নকৰিলে পত্নীক মৰাটো যুক্তিগত বুলি ভবা পুৰুষসকলে আকৌ প্ৰৱঞ্চনাক ন্যায়সংগত বুলি সমৰ্থন কৰে। এই জৰীপত ৩১ শতাংশ পুৰুষে পত্নীক প্ৰৱঞ্চনাক কৰাটো ন্যায়সংগত বুলি মত প্ৰকাশ কৰে। পুৰুষসকলৰ এইটো মত যে যদি পত্নীয়ে যৌন সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰে তেন্তে পুৰুষে অন্য নাৰীৰ সৈতে যৌন সম্ভোগ কৰাটো ভুল নহয়।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: