• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • টকিঅ’ অলিম্পিকলৈ আৰু ৭ দিন বাকী, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আয়োজক দেশ জাপানে, বিজয়ী খেলুৱৈয়ে নিজেই পিন্ধিব লাগিব পদক

টকিঅ’ অলিম্পিকলৈ আৰু ৭ দিন বাকী, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আয়োজক দেশ জাপানে, বিজয়ী খেলুৱৈয়ে নিজেই পিন্ধিব লাগিব পদক

আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ মুৰব্বী থমাছ বেকে লগতে কয় যে যিগৰাকী ব্যক্তিয়ে পদকসমূহ বিজয়ী খেলুৱৈৰ কাষলৈ নিব তেওঁ গ্লোবছ পিন্ধাটো বাধ্যতামূলক।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ মুৰব্বী থমাছ বেকে লগতে কয় যে যিগৰাকী ব্যক্তিয়ে পদকসমূহ বিজয়ী খেলুৱৈৰ কাষলৈ নিব তেওঁ গ্লোবছ পিন্ধাটো বাধ্যতামূলক।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ মুৰব্বী থমাছ বেকে লগতে কয় যে যিগৰাকী ব্যক্তিয়ে পদকসমূহ বিজয়ী খেলুৱৈৰ কাষলৈ নিব তেওঁ গ্লোবছ পিন্ধাটো বাধ্যতামূলক।

  • Share this:
আৰু ৭ দিনৰ পিছত জাপানৰ ৰাজধানী চহৰ টকিঅ’ত আৰম্ভ হ’ব ৩২সংখ্যক অলিম্পিক গেমছ। বিশ্বশ্ৰেষ্ঠ এই ক্ৰীড়া মহোৎসৱৰ বাবে জাপানে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্বৰ ২০৬খন দেশৰ খেলুৱৈয়ে অংশ ল’বলগীয়া অলিম্পিক গেমছত এইবাৰ কোভিডৰ বাবে বহু নিয়ম–কানুন সলনি কৰিছে।

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ মাজতে অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছক লৈ অধিক সজাগ হৈ আছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু জাপান অলিম্পিক সন্থা। মহামাৰীৰ বাবে এবছৰ স্থগিত হোৱা অলিম্পিক গেমছত এইবাৰ দেখিবলৈ পোৱা যাব বহু নিয়মৰ সালসলনি।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি এইবাৰৰ পদক বিজয়ী খেলুৱৈক পূৰ্বৰ দৰে অতিথিৰ দ্বাৰা পদক ডিঙিত পিন্ধাই দিয়া নহয়। সকলো ইভেণ্টৰ বিজয়ী তিনিগৰাকী খেলুৱৈৰ সন্মুখত তিনিটা পদক ৰাখি থোৱা হ’ব আৰু প্ৰথম তিনিটা স্থানপ্ৰাপ্ত খেলুৱৈয়ে নিজৰ নিজৰ পদক নিজে ডিঙিত পিন্ধি ল’ব লাগিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি থমাছ বেকে সংবাদ মাধ্যমৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ মুৰব্বী থমাছ বেকে লগতে কয় যে যিগৰাকী ব্যক্তিয়ে পদকসমূহ বিজয়ী খেলুৱৈৰ কাষলৈ নিব তেওঁ গ্লোবছ পিন্ধাটো বাধ্যতামূলক। তদুপৰি খেলুৱৈয়ে খেলি থকা ইভেণ্টটোৰ বাহিৰে সকলো খেলুৱৈয়ে মাস্ক পৰিধান কৰিব লাগিব। এনে ধৰণৰ বহু নতুন কোভিড বিধিৰ মাজতে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজকসকলে।

কোভিড মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ বাবে টকিঅ’ অলিম্পিক গেমছ ২০২০ অনিশ্চয়তাত আছিল। এবছৰ পিছুৱাই দিয়াৰ পিছতো গভীৰ অনিশ্চয়তাত আছিল বিশ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধখন। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী, জাপান অলিম্পিক সন্থা আৰু জাপান চৰকাৰৰ আপ্ৰাণ চেষ্টাত অৱশেষত ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। এইবাৰৰ প্ৰত্যাহ্বান থকা অলিম্পিক গেমছ সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে বহু নিয়ম নীতি বান্ধি দিছে আয়োজকসকলে।
Published by:Sanjay Kumar Das
First published: