কাল কোৰোণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতেই দেশত অব্যহত আছে টিকাকৰণ অভিযান। ইয়াৰ মাজতে কেন্দ্ৰই কোৰোণা টিকাকৰণৰ ড'জ সম্পৰ্কে কিছুমান বিশেষ পৰামৰ্শ জাৰি কৰিছে, যাতে অনলাইন ভেকচিন এপইণ্টমেণ্ট লোৱা লোকসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়।
সম্প্ৰতি দেশত তৃতীয় পৰ্যায় ১৮-৪৪ বছৰ বয়সৰ লোকৰ টীকাকৰণ অভিযান চলি আছে যদিও কেন্দ্ৰই ৰাজ্যসমূহক ৪৫ বছৰতকৈ অধিক বয়সৰ লোকসকলৰ টিকাকৰণৰ ক্ষেত্ৰতহে অগ্ৰাধিকাৰ দিবলৈ কৈছে। কিয়নো তেওঁলোকৰ মাজত কোৰোণাৰ বিপদাশংকা অধিক।
নকৰিব এইসমূহ কাম–– এপইণ্টমেণ্ট অবিহনে টিকাকৰণৰ বাবে নাযাব কেন্দ্ৰলৈ। কিয়নো সকলো ড'জেই CoWin এপত পঞ্জীয়নৰ জৰিয়তে বুক কৰা হৈছে।
–– কোনো ব্যক্তিয়ে ভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ পঞ্জীয়ন কৰিব নালাগে। এগৰাকী ব্যক্তিয়ে ভিন্ন প্লেটফৰ্মৰ বাবে ভিন্ন ফোন নম্বৰ আৰু আইডি ব্যৱহাৰ কৰিব নালাগে।
–– টিকাকৰণৰ দিনটোত সুৰা বা আন কোনো মাদক দ্ৰৱ্য সেৱন কৰিব নালাগে।
–– পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰত বিচলিত হ'ব নালাগে।
–– CoWinত দ্বিতীয়টো পালিৰ বাবে পঞ্জীয়ন কৰাৰ কোনো প্ৰয়োজন নাই।
কোনবোৰ লোকে নিজৰ টিকাকৰণ সম্প্ৰতি পৰিহাৰ কৰা উচিত?–– চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, কোৰোণা সংক্ৰমিত হৈ সুস্থ হোৱা লোকসকলে ভেকচিনৰ বাবে চাৰি সপ্তাহৰ পৰিৱৰ্তে তিনি মাহ অপেক্ষা কৰিব লাগে।
–– প্লাজমা থেৰাপীৰ জৰিয়তে চিকিৎসা কৰা লোক আৰু প্ৰথম ভেকচিনৰ পিছত কোৰোণা সংক্ৰমিত হোৱা লোকসকলেও তিনি মাহ অপেক্ষা কৰিব লাগিব।
–– যিসকল লোকে আন ৰোগৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তেওঁলোককো টিকাকৰণৰ বাবে চাৰিৰ পৰা আঠ সপ্তাহ অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
কোভিশ্বিল্ডৰ দ্বিতীয়টো ড'জৰ বাবে নিৰ্দেশনা -কোভিশ্বিল্ডৰ প্ৰথমটো ড'জ গ্ৰহণৰ ১২ৰ পৰা ১৬ সপ্তাহ পিছতহে কোভিশ্বিল্ডৰ দ্বিতীয়টো ড'জ গ্ৰহণ কৰিব। ইয়াৰ বাবে কোভিড পৰ্টেলে স্বয়ংক্ৰিয়ভাৱে তাৰিখ অৱগত কৰাব। অৱশ্যে যিসকলে ইতিমধ্যে তেওঁলোকৰ এপইণ্টমেণ্ট ঠিক কৰিছে, তেওঁলোকে বিচাৰিলে নিৰ্ধাৰিত তাৰিখতেই আন এটা ড'জ ল'ব পাৰিব। তেওঁ নতুন নিৰ্দেশনা অনুসৰি ৮৪ দিনৰ ব্যৱধানত ইয়াক বুক কৰিব পাৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 21, 2021, 12:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।