মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Hair Problem: আপোনাৰো চুলি সৰি সৰি পাতল হৈ পৰিছে নেকি? চিন্তিত হোৱাৰ প্ৰয়োজন নাই, এনেদৰে ঘৰুৱা উপায়েৰে দূৰ কৰক সমস্যা...

Hair Problem: আপোনাৰো চুলি সৰি সৰি পাতল হৈ পৰিছে নেকি? চিন্তিত হোৱাৰ প্ৰয়োজন নাই, এনেদৰে ঘৰুৱা উপায়েৰে দূৰ কৰক সমস্যা...

আজিৰ সময়ত প্ৰায় প্ৰতিগৰাকী লোকেই চুলি সৰা(Hair Loss)ৰ সমস্যাত ভুগি আছে ৷ আনফালে আন একাংশই আকৌ পাতল চুলিৰ সমস্যাতো ভুগি আছে । তেনেস্থলত আপোনাৰ চুলিক অধিক যত্ন(Care)ৰ প্ৰয়োজন আছে ।

আজিৰ সময়ত প্ৰায় প্ৰতিগৰাকী লোকেই চুলি সৰা(Hair Loss)ৰ সমস্যাত ভুগি আছে ৷ আনফালে আন একাংশই আকৌ পাতল চুলিৰ সমস্যাতো ভুগি আছে । তেনেস্থলত আপোনাৰ চুলিক অধিক যত্ন(Care)ৰ প্ৰয়োজন আছে ।

  • Share this:
কথাতেই কোৱা হয় চুলিতেই নিহিত হৈ থাকে সৌন্দৰ্য ৷ যাৰ বাবে বিশেষকৈ মহিলাই নিজৰ চুলিখিনি ডাঠ আৰু Shiny হোৱাটো বিচাৰে ৷ কিন্তু সম্প্ৰতি অধিকাংশ লোকেই ভিন্ন চুলিৰ সমস্যাত ভুগি আছে । একাংশই যদি চুলি সৰা সমস্যাত ভুগি আছে, আন একাংশই আকৌ পাতল চুলিৰ সমস্যাত ভুগি আছে ।

দৰাচলতে এই সমস্যাসমূহৰ আঁৰত বহু কাৰণ থাকিব পাৰে । চুলিৰ ওপৰত আমাৰ আহাৰে প্ৰভাৱ পৰাৰ লগতে সঠিক যত্নৰ অভাৱতো আমাৰ চুলি পাতল হ'বলৈ আৰম্ভ কৰে । পাতল চুলিৰ বাবেই যি কোনো হেয়াৰষ্টাইলো কৰিব পৰা নাযায় ৷ যদি আপুনিও চুলি পাতল হোৱাৰ সমস্যাৰ দ্বাৰা চিন্তিত, তেন্তে কিছুমান বিশেষ উপায়ে আপোনাক সহায় কৰিব পাৰে-

আমলখি আৰু নেমুৱে সহায় কৰিব আপোনাক -
আমলখিৰ ৰসে চুলি ডাঠ কৰে আৰু ইয়াক ঘন কৰে । যদি আপুনি আপোনাৰ চুলি ডাঠ আৰু ক'লা কৰি ৰাখিব বিচাৰে, তেন্তে প্ৰতিদিনে গা ধোৱাৰ অলপ আগতে আপোনাৰ চুলিত আমলখি আৰু নেমুৰ ৰস মিহলি কৰি লগাওক ।

চুলিত কম আঠাযুক্ত তেল প্ৰয়োগ কৰক -
যদি আপোনাৰ চুলি পাতল, তেন্তে আপুনি চুলিত পাতল আৰু কম আঠাযুক্ত তেল ব্যৱহাৰ কৰিব । আপুনি আপোনাৰ চুলিত নাৰিকলৰ তেল বা ৰোজমেৰী তেল লগাব পাৰে। ই চুলিত আঠাৰ দৰে লাগি নাথাকিব আৰু উজ্জ্বলতাৰ লগতে শক্তিশালী কৰিব।

পিঁয়াজৰ ৰসে শক্তিশালী কৰিব আপোনাৰ চুলি -
কেতিয়াবা চুলি পাতল হয় আৰু দুৰ্বল হৈ পৰা দেখিবলৈ পোৱা যায়। তেনেস্থলত সপ্তাহত প্ৰায় দুইৰ পৰা তিনিবাৰ আপোনাৰ চুলিত পিঁয়াজৰ ৰস প্ৰয়োগ কৰক । ই চুলিত উজ্জ্বল কৰিব আৰু ই দুৰ্বল হোৱাৰ পৰা ৰক্ষা কৰিব ।

চুলি টানি টানি নাবান্ধিব-
যদি আপুনি আপোনাৰ চুলিকোচা টানি টানি বান্ধি থোৱাৰ অভ্যাস আছে, তেন্তে ইয়াক সলনি কৰক। চুলি বান্ধোতে পাতলকৈ বান্ধিব । অন্যথা ইয়াৰ ফলত আপোনাৰ চুলি সৰিব আৰু দুৰ্বল হ'ব।

সঠিক চেম্পু বাছনি কৰক -
প্ৰথমে আপোনাৰ চেম্পু আপোনাৰ চুলিৰ বাবে ভাল হয় নে নহয়, বিবেচনা কৰক। চুলিৰ বাবে এটা চেম্পু বাছনি কৰক যি আপোনাৰ চুলিৰ বাবে ভাল। ইয়াৰ বাবে, আপুনি বজাৰৰ পৰা আপোনাৰ চুলি অনুসৰি এটা ভাল ব্ৰেণ্ডৰ চেম্পু ল'ব পাৰে। সাধাৰণতে কম চালফেটযুক্ত চেম্পু চুলিৰ কাৰণে ভাল।

তিতা চুলিত কেতিয়াও নফনিয়াব-

ডাঠ দাঁতৰ ফনিৰেহে চুলি ফনিয়াব । ইয়াৰ দ্বাৰা চুলি চিগি পাতল নহ'ব । আনকি তিতা চুলিত কেতিয়াও নফনিয়াব । লগতে আপোনাৰ চুলি প্ৰাকৃতিকভাৱে শুকান হ'বলৈ দিয়ক । সঘনাই ড্ৰায়াৰ ব্যৱহাৰ নকৰিব।

শেহতীয়া বাতৰি