৭৩ বছৰীয়া দৰা, ৬৭ বছৰীয়া কইনা! ৫০ বছৰ ‘Live In Relationship’ত থকাৰ পিছত সন্তানে পাতি দিলে বিয়া

News18 Assam | News18-Assam
Updated:February 17, 2020, 3:01 PM IST
৭৩ বছৰীয়া দৰা, ৬৭ বছৰীয়া কইনা! ৫০ বছৰ ‘Live In Relationship’ত থকাৰ পিছত সন্তানে পাতি দিলে বিয়া
পিতৃৰ ইচ্ছা পূৰণ কৰি হিন্দু নীতি–নিয়মৰ মাজেৰে পুত্ৰই পাতি দিলে বিয়া

পিতৃৰ ইচ্ছা পূৰণ কৰি হিন্দু নীতি–নিয়মৰ মাজেৰে পুত্ৰই পাতি দিলে বিয়া

  • Share this:
এক প্ৰেম কাহিনী! ৫০ বছৰ ‘live in Relationship’ত আছিল এহাল প্ৰেমিক–প্ৰেমিকা। তেওঁলোকৰ তিনিটা সন্তান। এটা ল’ৰা, দুজনী ছোৱালী। এতিয়া পুত্ৰই পূৰণ কৰিছে বৃদ্ধ প্ৰেমিক–প্ৰেমিকাৰ এক বিশেষ ইচ্ছা। সমাজক সাক্ষী কৰি  হিন্দু নীতি–নিয়মৰ মাজেৰে দুয়োৰে সম্পৰ্কক সামাজিক মৰ্যদা দিলে নিজৰেই পুত্ৰই।

দৰাৰ বয়স ৭৩ বছৰ, কইনাৰ বয়স ৬৭ বছৰ। বহু লোকক সাক্ষী কৰি দুয়োৰে মাজত থকা ৫০ বছৰীয়া সম্পৰ্কক সামাজিক ৰূপ দি এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে তেওঁলোকৰে পুত্ৰই। ১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডেৰ দিনাই বিবাহ পাশত আবদ্ধ হয় দুয়োগৰাকী।

এই বিশেষ বিয়াখন ছত্তীশগড়ৰ কৱৰ্ধত হৈ যায়। দৰা সুকাল নিষাদ আৰু কইনা গীতৰহিন বাঈ নিষাদৰ বিয়াত উপস্থিত থাকে অঞ্চলটোৰ ভালে সংখ্যক লোক। ‘প্ৰেমৰ দিৱস’ৰ দিনাই দুয়ো বৃদ্ধ প্ৰেমিক প্ৰমিকাৰ বিয়াই যথেষ্ট আমোদ দিয়ে সকলোকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading