உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ৫০ শতাংশ পুৰুষে নাজানে ইয়াৰ নাম! মহিলাৰ শৰীৰত সুমুৱাই দিয়া হয় এই সামগ্ৰীবিধ

    ৫০ শতাংশ পুৰুষে নাজানে ইয়াৰ নাম! মহিলাৰ শৰীৰত সুমুৱাই দিয়া হয় এই সামগ্ৰীবিধ

    এনে ধৰণৰ লোকক পৰীক্ষা কৰাৰ বাবেই বিগত কেইটামান দিনত টুইটাৰত এখন ফটো শ্বেয়াৰ কৰা হৈছে। ইয়াৰ লগতে পুৰুষক সোধা গৈছে যে তেওঁলোকে এই সামগ্ৰীবিধৰ নাম জানেনে?

    এনে ধৰণৰ লোকক পৰীক্ষা কৰাৰ বাবেই বিগত কেইটামান দিনত টুইটাৰত এখন ফটো শ্বেয়াৰ কৰা হৈছে। ইয়াৰ লগতে পুৰুষক সোধা গৈছে যে তেওঁলোকে এই সামগ্ৰীবিধৰ নাম জানেনে?

    এনে ধৰণৰ লোকক পৰীক্ষা কৰাৰ বাবেই বিগত কেইটামান দিনত টুইটাৰত এখন ফটো শ্বেয়াৰ কৰা হৈছে। ইয়াৰ লগতে পুৰুষক সোধা গৈছে যে তেওঁলোকে এই সামগ্ৰীবিধৰ নাম জানেনে?

    • Share this:
    ৫০ শতাংশ পুৰুষে নাজানে ইয়াৰ নাম, মহিলাৰ শৰীৰত সুমুৱাই দিয়া হয় এই সামগ্ৰীবিধ। আপুনি নিশ্চয় শুনিছে যে মহিলাসকলৰ বিষয়ে সকলো জনা খুব কঠিন। তেওঁলোকৰ মনত কি চলিছে সেয়াই নহয়, তেওঁলোকৰ সৈতে জড়িত বহু বস্তু ইমানেই জটিল হয় যে বহু সময়ত বিভ্ৰান্তি আহি পৰে। কিন্তু এনে কিছু পুৰুষো আছে যিয়ে মহিলাৰ সকলো বিষয় জানে বুলি দাবী কৰে। এনে ধৰণৰ লোকক পৰীক্ষা কৰাৰ বাবেই বিগত কেইটামান দিনত টুইটাৰত এখন ফটো শ্বেয়াৰ কৰা হৈছে। ইয়াৰ লগতে পুৰুষক সোধা গৈছে যে তেওঁলোকে এই সামগ্ৰীবিধৰ নাম জানেনে?

    ছচিয়েল মিডিয়া ছাইট টুইটাৰত এগৰাকী মহিলাই এই ফটোখন পোষ্ট কৰিছে। ইয়াত টি ছেপৰ এবিধ সামগ্ৰী দেখা গৈছে। মহিলাগৰাকীয়ে ফটোৰ সৈতে কেপচনত লিখিছে যে কোনোৱে চিনিব পাৰিছেনে এয়া কি? এই প্ৰশ্নৰ উত্তৰত বহু লোকে কমেণ্ট কৰিছে, যাৰ ভিতৰত কিছুমান কমেণ্ট খুবেই ধেমেলীয়া। পুৰুষৰ তুলনাত মহিলাৰ বাবে বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতি বিশ্বত আছে। এই ফটোখনৰো তাৰে সম্পৰ্ক আছে।

    মহিলাসকলে গৰ্ভনিৰোধক ঔষধৰ পৰা আৰম্ভ কৰি আন বহু পদ্ধতিৰে গৰ্ভধাৰণ ৰোধ কৰে। ইয়াৰ ভিতৰত কনড’ম আৰু ঔষধৰ বিষয়ে অধিক সংখ্যক পুৰুষে জানে, কিন্তু এই টি ছেপ সামগ্ৰীবিধৰ বিষয়ে বহুতেই নাজানে। বিশেষকৈ বিদেশত। ভাৰতত কপাৰৰ টি নামেৰে জনা যায়। এই ডিভাইচৰ ফটো টুইটাৰত @icarebabeeee নামৰ ব্যৱহাৰকাৰীজনে শ্বেয়াৰ কৰিছে। লগতে লিখিছে যে বহু ল’ৰাই দাবী কৰে যে তেওঁলোকে মহিলাৰ বিষয়ে সকলো জানে, তেন্তে ক’ব পাৰিবনে এয়া কি?

    এই ফটোৰ উত্তৰত যিবোৰ কমেণ্ট আহিছে, সেয়াই মানুহৰ চিন্তা বঢ়াইছে। বহু পুৰুষে নাজানে এয়া কি বস্তু আৰু ইয়াৰৰ ব্যৱহাৰৰ বিষয়ে। এজনে লিখিছে এয়া খেলনা। আন এজনে লিখিছে এয়া পিৰিয়ডছৰ সৈতে জড়িত বস্তু। আন এজনে আকৌ সকলো উত্তৰক পিছ পেলাই লিখিছে, এয়া মাছ ধৰা হুক। উল্লখযোগ্য যে ইয়াৰ আচল নাম কয়েল। ইয়াৰ ব্যৱহাৰ গৰ্ভনিৰোধক হিচাপে কৰা হয়। ইয়াক মহিলাৰ গৰ্ভাশয়ত চিকিৎসকে সুমুৱাই দিয়ে। জন্ম নিয়ন্ত্ৰণৰ এই পদ্ধতি ৯৯ শতাংশ কাৰ্যকৰী হয়। কিন্তু এই ফটোৰ উত্তৰ পঢ়াৰ পিছত জনা গৈছে এই সামগ্ৰীৰ বিষয়ে বহুতেই নাজানে।
    Published by:Sanjay Kumar Das
    First published: