এই সফলতাৰ পিছতে শুভেচ্ছা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰিছে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহায়ে। ছেমি ফাইনেলত প্ৰৱেশ কৰি টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰিছে অসমৰ লাভলীনাই। চাইনীজ টাইপেৰ খেলুৱৈক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে লাভলীনাই।
ইতিমধ্যে লাভলীনাৰ সফলতাৰ পিছত ৰাজ্য চৰকাৰে লাভলীনালৈ ৫০ লাখ টকাৰ পুৰস্কাৰৰ লগতে প্ৰথম শ্ৰেণীৰ চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে।
লাভলীনাৰ এই সফলতাৰ পিছতে শুভেচ্ছা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লাভলীনাই স্বৰ্ণপদক অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাভলীনালৈ শুভেচ্ছা জ্ঞাপন কৰে। শুভেচ্ছা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱেও।
ইফালে, লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে ৰাজ্যজুৰি আনন্দৰ বন্যা বৈছে। লাভলীনাৰ সফলতাৰ পিছতে আপোন ঘৰখনৰ লগতে বিভিন্ন স্থানত ক্ৰীড়াপ্ৰেমীসকলে আনন্দ প্ৰকাশ কৰা দেখা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|