உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • অবিশ্বাস্য ! উলোটাকৈ ঝুলি থাকি ১৩ মিনিটত ১১৩ পাত কাঁড় মাৰিলে ৫ বছৰীয়া কন্যাই। ২০৩২ৰ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্য।

    অবিশ্বাস্য ! উলোটাকৈ ঝুলি থাকি ১৩ মিনিটত ১১৩ পাত কাঁড় মাৰিলে ৫ বছৰীয়া কন্যাই। ২০৩২ৰ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্য।

    দক্ষ আৰ্চাৰেও চাৰি মিনিটত ৬ ডাল কাঁড়হে মাৰিব পাৰিছে। অর্থাৎ সঞ্জনাৰ প্ৰশিক্ষকে ইয়াকে ক'ব বিচাৰিছে যে এইসকল তাৰকা আৰ্চাৰে ২০ মিনিটত ৩০ পাত তীৰ মাৰিবলৈহে সক্ষম।

    দক্ষ আৰ্চাৰেও চাৰি মিনিটত ৬ ডাল কাঁড়হে মাৰিব পাৰিছে। অর্থাৎ সঞ্জনাৰ প্ৰশিক্ষকে ইয়াকে ক'ব বিচাৰিছে যে এইসকল তাৰকা আৰ্চাৰে ২০ মিনিটত ৩০ পাত তীৰ মাৰিবলৈহে সক্ষম।

    দক্ষ আৰ্চাৰেও চাৰি মিনিটত ৬ ডাল কাঁড়হে মাৰিব পাৰিছে। অর্থাৎ সঞ্জনাৰ প্ৰশিক্ষকে ইয়াকে ক'ব বিচাৰিছে যে এইসকল তাৰকা আৰ্চাৰে ২০ মিনিটত ৩০ পাত তীৰ মাৰিবলৈহে সক্ষম।

    • Share this:

    বয়স তাইৰ পাঁচ বছৰ। কিন্তু এই বয়সতেই চেষ্টা গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰা। নাম উঠকেই বা নুঠক তাৰ আগতে তাইৰ কিছুমান কৰ্ম-কাণ্ডৰ বিষয়ে জানোঁ আহক। পাঁচ বছৰ বয়সতেই মাত্ৰ ১৩ মিনিট ১৫ ছেকেণ্ড সময়ত ১১৩ পাত কাঁড় মাৰিবলৈ সক্ষম হৈছে। যদি আচৰিত হৈছে বা বিশ্ৱাস কৰিবলৈ টান পাইছে, তেন্তে এই কথাটোও জানি লওক যে এই বিস্ময় কন্যাটিয়ে তীৰ নিক্ষেপ কৰিছে উলোটাকৈ ঝুলি থাকি।


    চেন্নাইৰ সঞ্জনা নামৰ পাঁচ বছৰীয়া শিশুটিয়ে এই প্ৰয়াস কৰি দেখুৱাইছিল স্ৱাধীনতা দিৱসৰ দিনা। তাইৰ এই তীৰ নিক্ষেপৰ কাহিনী বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই অনুুষ্ঠানৰ মূখ্য অতিথি আছিল Association Of India (AAI)ৰ সচিব প্ৰধান প্ৰমোদ চন্দুৰকৰ। ইয়াৰ উপৰি উপস্থিত আছিল দিল্লী আৰ্চাৰি এছোচিয়েনৰ অধ্যক্ষ বীৰেন্দ্ৰ সচদেৱ।

    আৰ্চাৰি এচোচিয়েচন অফ ইণ্ডিয়াৰ বিচাৰক সচিব ডাক্তৰ জোৰিশে এই অনুষ্ঠান অন লাইনত (Online) চাইছিল। তেওঁৰ উপৰি কণ্টিনেণ্টেল জাজ অৱ ৱৰ্ল্ড আৰ্চাৰীৰ চি এছ মানিয়ামৰ নেতৃত্বত বিচাৰকৰ এক পেনেলেও অনুষ্ঠআনটি চাইছিল।

    Awesome! the girl should be send to Recurve Bow training for the international sports. If she miss out on that, all of us Bhartiya's will miss out.






    সঞ্জনাৰ প্রশিক্ষকে সংবাদ মাধ্যমক জনায় যে, এতিয়ালৈকে ৰাষ্ট্ৰীয় বা বিশ্ৱ চেম্পিয়নশ্বীপৰ প্ৰশিক্ষণ প্ৰাপ্ত দক্ষ আৰ্চাৰেও চাৰি মিনিটত ৬ ডাল কাঁড়হে মাৰিব পাৰিছে। অর্থাৎ সঞ্জনাৰ প্ৰশিক্ষকে ইয়াকে ক'ব বিচাৰিছে যে এইসকল তাৰকা আৰ্চাৰে ২০ মিনিটত ৩০ পাত তীৰ মাৰিবলৈহে সক্ষম। কাৰণ এই হিচাব মতে সঞ্জনাই সকলোৰে হিচাবত খেলিমেলি লগাই দিছে।


    সঞ্জনাৰ প্রশিক্ষক এই বিষয়ে আত্মবিশ্বাসী যে সঞ্জনাই অচিৰেই গীনিজ বুকছত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হ'ব। প্ৰশিক্ষকৰ উপৰি সঞ্জনাৰ পিতৃও অতি উৎসাহিত হৈ আছে। তেওঁ কয় যে ১০ বছৰ নোহোৱালৈ প্ৰতিটো স্বাধীনতা দিৱসত সঞ্জনাই একোটা নতুন ৰেকৰ্ড গঢ়িব। তেওঁ সঞ্জনাক অলিম্পিকৰ কাৰণেও সাজু কৰিব বিচাৰে। তেওঁৰ আশা ২০৩২ৰ অলিম্পিকত সঞ্জনাই কেইবাটাও অলিম্পিকৰ পদক জয় কৰি দেশক গৌৰৱান্বিত কৰিব। উউল্লেখ্য যে সঞ্জনাৰ এই কাহিনী ছচিয়েল মিডিয়াত খুবেই সমাদৃত হৈছে।

    Published by:Manjumoni Borah
    First published: