உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ১ আগষ্টৰ পৰা সলনি হ’ব এই ৫টা নিয়ম, সাধাৰণ জনতাৰ ওপৰত পৰিব প্ৰভাৱ, জানি লওক আজিয়ে

    ১ আগষ্টৰ পৰা সলনি হ’ব এই ৫টা নিয়ম, সাধাৰণ জনতাৰ ওপৰত পৰিব প্ৰভাৱ, জানি লওক আজিয়ে

    আহক কি কি নিয়ম সলনি হ’ব জানি লওঁ।

    আহক কি কি নিয়ম সলনি হ’ব জানি লওঁ।

    আহক কি কি নিয়ম সলনি হ’ব জানি লওঁ।

    • Share this:


    ১ আগষ্টৰ পৰা আপোনাৰ জীৱনৰ সৈতে জড়িত নিয়মত হ’ব কিছু সালসলনি। ইয়াৰ ভিতৰত কিছু নিয়মৰ জৰিয়তে আপোনাৰ লাভ হ’ব আৰু কিছু নিয়মৰ বাবে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ভিতৰত আছে ICICI বেংক আৰু ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই নিজৰ নিয়মৰ সালসলনি কৰিব। ইয়াৰ উপৰি ১ আগষ্টৰ পৰা ৰন্ধন গেছৰ নতুন দাম নিৰ্ধাৰণ হ’ব। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ বাজেটত পৰাৰ সম্ভাৱনা আছে। আহক কি কি নিয়ম সলনি হ’ব জানি লওঁ।

    ১. বন্ধৰ দিনতো বেংক একাউণ্টত সোমাব দৰমহা

    ১ আগষ্টৰ পৰা দেওবাৰ বা আন বন্ধৰ দিনতো আপোনাৰ দৰমহা, পেঞ্চন, ডিভিডেণ্ট আৰু ইণ্টাৰেষ্টৰ পৰা আপোনাৰ একাউণ্টত সোমাব। এতিয়া আপোনাৰ দৰমহা বন্ধৰ বাবে ৰৈ নাথাকে। আচলতে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ঘোষণা কৰিছে যে নেচনেল অট’মেটেড ক্লিয়াৰিং হাউছ (National Automated Clearing House- NACH) সপ্তাহটোৰ সাতোটা দিনতে উপলব্ধ হ’ব। ১ আগষ্টৰ পৰা NACHৰ সুবিধা ৭টা দিনত ২৪ ঘণ্টাই লাভ কৰাৰ ফলত কোম্পানীসমূহেও দৰমহা যিকোনো সময়ত ট্ৰান্সফাৰ কৰিব পাৰিব।

    ২. সলনি হ’ব ICICI Bankৰ নিয়ম

    ১ আগষ্টৰ পৰা ICICI বেংকৰ এটিএমৰ পৰা ধন উলিওৱাটো খৰচী হ’ব। লগতে চেকবুকৰ নিয়মো সলনি হ’ব। ICICI Bankৰ ফালৰ পৰা গ্ৰাহকসকলক ৪টা ফ্ৰী ট্ৰানজেকচনৰ সেৱা দিয়া হয়। চাৰিবাৰ ধন উলিওৱাৰ পিছত মাচুল পৰিশোধ কৰিব লাগিব। ফ্ৰী লিমিটৰ পিছত প্ৰতিটো ট্ৰানজেকচনৰ বাবদ ১৫০ টকা দিব লাগিব। ICICI Bankৰ গ্ৰাহকে নিজৰ হোম ব্ৰাঞ্চৰ পৰা ১ লাখ টকা উলিয়াব পাৰে। ইয়াতকৈ বেছি উলিয়ালে ৫ টকা প্ৰতি ১০০০ত দিব লাগিব। হোম ব্ৰাঞ্চৰ উপৰি আন ব্ৰাঞ্চৰ পৰা টকা প্ৰতিদিনে ২৫,০০০ টকালৈকে উলিয়ালে কোনো মাচুল নালাগে। তাৰ পিছত ১০০০ত ৫টকাকৈ দিব লাগিব চাৰ্জ।

    ৩. ATMৰ পৰা ধন উলিওৱা নিয়ম সলনি

    ১ আগষ্টৰ পৰা এটিএমৰ পৰা ধন উলিওৱা নিয়মৰ সালসলনি কৰা হ’ব। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই শেহতীয়াকৈ এটিএম ট্ৰানজেকচনৰ ওপৰত মাচুল বৃদ্ধি কৰিছে। আৰ বি আয়ে ইণ্টাৰচেঞ্জ ফিজ ফাইনেন্সিয়েল ট্ৰানজেকচনৰ বাবে ১৫ টকাৰ পৰা ১৭ টকা কৰিছে। নন ফাইনেন্সিয়েল ট্ৰানজেকচনৰ বাবে চাৰ্জ ৫ টকাৰ পৰা বৃদ্ধি কৰি ৬ টকা কৰা হৈছে।

    ৪. ১ আগষ্টৰ পৰা IPPBৰ নিয়ম সলনি

    ১ আগষ্টৰ ২০২১ৰ পৰা ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে (IPPB) নিজৰ গ্ৰাহকক ড’ৰষ্টেপ বেংকিঙৰ বাবে মাচুল ধাৰ্য কৰিব। এতিয়া IPPB ড’ৰষ্টেপ বেংকিঙৰ বাবে কোনো চাৰ্জ নলয়, কিন্তু ১ আগষ্টৰ পৰা বেংকে প্ৰতিজন গ্ৰাহকৰ পৰা ড’ৰষ্টেপ বেংকিঙৰ কিছু সেৱাৰ বাবে ২০ টকা আৰু জিএছটি ল’ব। ডাকঘৰৰ প্ৰডাক্ট যেনে সুকন্যা সমৃদ্ধি একাউণ্ট, PPF, RD, LRDৰ বাবে ২০ টকা লগতে জিএছটি দিব লাগিব। ম’বাইল পোষ্টপেইড আৰু বিল পেমেণ্টৰ বাবে ২০ টকা জিএছটি দিব লাগিব।

    ৫. চিলিণ্ডাৰৰ নতুন দাম

    ১ আগষ্টৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম সলনি হ’ব পাৰে। প্ৰতিমাহৰ প্ৰথমটো দিনত ঘৰুৱা ৰন্ধন গেছ আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ নতুন দাম ধাৰ্য কৰা হয়।

    Published by:Sanjay Kumar Das
    First published: