ধন সম্বন্ধীয় ৫টা কথা আপুনি জানি থোৱা প্ৰয়োজন, সন্তুলন!

জীৱনৰ এক কঠোৰ সত্য এয়াই যে, অধিক টকা উৰ্পাজন কৰিবলৈ টকাৰে প্ৰয়োজন

Dulu Medhi | news18assam
Updated:April 16, 2019, 4:56 PM IST
ধন সম্বন্ধীয় ৫টা কথা আপুনি জানি থোৱা প্ৰয়োজন, সন্তুলন!
জীৱনৰ এক কঠোৰ সত্য এয়াই যে, অধিক টকা উৰ্পাজন কৰিবলৈ টকাৰে প্ৰয়োজন
Dulu Medhi | news18assam
Updated: April 16, 2019, 4:56 PM IST
১. এয়া এক দৌৰ
আৰ্থিক স্বাধীনতা আৰু সম্পত্তি গঢ়োতে সময়ৰ প্ৰয়োজন হয় আৰু ইয়াৰ বাবে সামঞ্জস্যপূৰ্ণ প্ৰচেষ্টাৰ প্ৰয়োজন। ধন উপাৰ্জন কৰা মাৰাথন দৌৰৰ দৰে। কেবল লটাৰীৰ মাধ্যমেৰেহে আপুনি তাৎক্ষণিক অৰ্থ উপাৰ্জন কৰিব পাৰে, যাহওঁক বেয়া খবৰটো এইটোৱেই যে এই জেকপট লগাৰ মাত্ৰ সম্ভাৱনাহে থাকে। গতিকে, প্ৰতিটো মাহতে ধন সঞ্চয় কৰক, ভাল কামত বিনিয়োগ কৰক আৰু আপোনাৰ ধনৰ যোগ্যতা চাওক।

২. কৰ্মৰ সৰু–বৰ নাই

অভিনেতা শ্বাহৰুখ খানে এবাৰ কৈছিল যে, আপোনাৰ যদি লিখনি ভাল তেন্তে নামী–দামী উপন্যাসিক বা চিত্ৰনাট্যকাৰ হোৱাৰ উচ্চাকাংক্ষাৰে সফলতাৰ মুখ নেদেখাকৈ প্ৰথমে সামান্যভাৱে কনণ্টেট ৰাইটিঙৰ কামত নিয়োজিত হৈ সন্মানেৰে জীৱন–যাপন কৰিব পাৰে। মনত ৰখা উচিত যে কৰ্মৰ কোনো সৰু–বৰ নাই। সকলোৱে সপোনৰ চাকৰি বা সোণালী সুযোগৰ অপেক্ষাত নিবনুৱা হৈ থকাতকৈ উৰ্পাজনত গুৰুত্ব দিব লাগে।

৩. ধনে ধন গঢ়ে
জীৱনৰ এক কঠোৰ সত্য এয়াই যে, অধিক টকা উৰ্পাজন কৰিবলৈ টকাৰে প্ৰয়োজন। ধন সঞ্চয় কৰা উচিত, সেইবুলিয়েই কেবল ছেভিংচ একাউণ্টতে ধন জমা কৰা অনুচিত। সময়ৰ প্ৰয়োজন বজাৰ বিনিয়োগ ৰিয়েলিটী, সঞ্চয়ৰ চৰকাৰী আঁচনি আদিত সকলোৱে পৰীক্ষা–নিৰীক্ষা কৰি ধন বিনয়োগ কৰিব পাৰে।

৪. কোম্পানীৰ গুৰুত্ব

টকাৰ বিনিয়োগৰ গোটেই বিষয়টোত যথেষ্ট নিৰ্ভৰ কৰে আপুনি বন্ধু, অংশীদাৰ বা জীৱনসংগী হিচাপে কাক বাচি লয়? ধন ঘটিবলৈ আৰু এটা সফল জীৱন–যাপন কৰিবলৈ যদি আপুনি মনে–প্ৰাণে কষ্ট কৰে তেন্তে ক্ষতিকাৰক লোকৰ পৰা আঁতৰি অহাৰ ক্ষেত্ৰত ভয়–শংকা পৰিহাৰ কৰিব লাগিব। তেনে মানুহৰ সৈতে সংগ লওঁক যিসকলে সফল হ’৸ব বিচাৰে, প্ৰেৰণা যোগাই নিজে ভালেখিনি উপাৰ্জনৰ বাবে বাট মুকলি কৰিছে আৰু যাৰ সৈতে আপোনাৰ মনৰ মিল থাকে। পথ পদৰ্শক হিচাপে এনে এজনক বাচি লওঁক যিয়ে নিজৰ সফলতাৰে আপোনাক বাট দেখুৱাই আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব।

৫. সন্তুলন
অৱশেষত, টকা আৰু সংৰক্ষিত হৈ থকাৰ মাজত নিজেই এটা সন্তুলন বজাই ৰাখক। নিজৰ ভাললগা বিষয়বোৰটো কিছু খৰচ কৰি অৱসৰ বিনোদনৰ বাবে সময় উলিয়াই লওঁক যাতে আপোনাৰ কৰ্মদক্ষতা অধিক বৃদ্ধি হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি