কোষ্ঠকাঠিন্যৰ সৈতে মোকাবিলা কৰাটো বিষয়টোৰ ওপৰত কথা কোৱাৰ দৰেই কঠিন। সাধাৰণতে কোষ্ঠকাঠিন্য হয় যেতিয়া এজন ব্যক্তিৰ এসপ্তাহত তিনিবাৰতকৈ কমকৈ মলত্যাগ হয়, মল ওলোৱাত অসুবিধা হয়, বা মল কঠিন হয়। আন ঋতুতকৈ শীতকালত এই অৱস্থা বেছি হ’ব পাৰে। শীতকালত কোষ্ঠকাঠিন্য কিয় বেছি হয় তাৰ বাবে বিভিন্ন কাৰকে অৰিহণা যোগায়। যেনে, শীতকালত আমি সঘনাই পিয়াহ অনুভৱ নকৰো আৰু পানী কম খাওঁ। আমি শাৰীৰিক কাৰ্য্যকলাপত লিপ্ত হোৱাৰ পৰা বিৰত থাকোঁ আৰু আমাক গৰম কৰি ৰাখিবলৈ কফি আৰু চাহৰ দৰে কেফেইনযুক্ত পানীয়ৰ ওপৰত অধিক নিৰ্ভৰ কৰো। লগতে আমি চালাড আৰু আনতকৈ অধিক গৰম খাদ্য খোৱাৰ প্ৰৱণতা ৰাখোঁ।
গতিকে শীতকালত আমাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি ইয়াত অধিক বনৌষধি, আঁহ, মছলা আৰু ভাল চৰ্বি, বতৰৰ ফল-মূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰাটো তাৎপৰ্যপূৰ্ণ হৈ পৰে। এই বিষয়ত আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ দিক্সা ভৱছাৰে, এটা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰে। তেওঁ লিখিছে, “কোষ্ঠকাঠিন্য মূলতঃ বাত দোষৰ (বিশেষকৈ অপনা বায়ু)ৰ ভাৰসাম্যহীনতা (এগ্ৰিভেচন)ৰ বাবেই হয়। তাৰ এইবোৰ কাৰণ হ’ব পাৰে যেনে- মননশীলভাৱে খাদ্য গ্ৰহণ নকৰা, শুকান, ঠাণ্ডা, টেঙা, ভজা আৰু ফাষ্ট ফুড অত্যধিক সেৱন কৰা, পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱা, খাদ্যত আঁহ কম হোৱা, বিপাকীয় ক্ৰিয়া, টোপনিৰ ধৰণ বিঘ্নিত হোৱা, ৰাতিৰ আহাৰ পলমকৈ গ্ৰহণ কৰা, বহি থকা অৱস্থাত জীৱনশৈলী, ইত্যাদি।"
ডাঃ ভৱছাৰে শীতকালত কোষ্ঠকাঠিন্যৰ সৈতে মোকাবিলা কৰাৰ সমাধানো আগবঢ়াইছে। কোষ্ঠকাঠিন্য লাঘৱ কৰিব পৰা পাঁচটা খাদ্য সামগ্ৰী খোৱাৰ পৰামৰ্শ দিয়ে আৰু সেইটোৱেই আমি এই লেখাটোত কৈছো!
খেজুৰঃ
খেজুৰে বাত আৰু পিত্তৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, যাৰ ফলত ই কোষ্ঠকাঠিন্যৰ বাবে এক অবিশ্বাস্য পছন্দ। ইয়াৰ উপৰিও এই ফলটোৱে গাঁঠিৰ বিষ, উদ্বেগ, অতিক্ৰিয়াশীলতা, কম শক্তি, আৰু চুলি সৰা ৰোধত সহায় কৰে। তেওঁ ২-৩ টা খেজুৰ গৰম পানীত তিয়াই ৰাতিপুৱা সোনকালে খালী পেটত খাবলৈ পৰামৰ্শ দিছে।
মেথি বীজঃ
অত্যাধিক বাত আৰু কাহ থকা লোকৰ ক্ষেত্ৰত মেথিৰ গুটিয়ে সৰ্বোত্তম কাম কৰে। মেথিগুটি ১ চামুচ লৈ ৰাতি তিয়াই থব। তাৰ পিছত, ৰাতিপুৱা প্ৰথমে খাব। বা শুই উঠাৰ সময়তো ১ চামুচ মেথি পাউদাৰ গৰম পানীৰ লগত মিহলাই খাব পাৰে।
গৰু ঘিউঃ
বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ বাবে গৰুৰ ঘিউ উৎকৃষ্ট। ই শৰীৰত সুস্থ চৰ্বি বজাই ৰখাত সহায় কৰে যাৰ বাবে চৰ্বিত দ্ৰৱীভূত ভিটামিন যেনে ভিটামিন এ, ডি, কে, ই শোষণৰ প্ৰয়োজন হয়। তেওঁ এগিলাচ গৰম গৰুৰ গাখীৰৰ সৈতে ১ চামুচ ঘিউ খোৱাৰ পৰামৰ্শ দিয়ে। ই দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য লাঘৱ কৰাত সহায় কৰে।
আমলখিঃ
আমলখি এবিধ উৎকৃষ্ট ফল যিয়ে বহুতো স্বাস্থ্যজনিত সমস্যা সমাধানত সহায় কৰে, যেনে চুলি সৰা, ধূসৰ চুলি, ওজন কমা, আৰু বহুতো। প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰিলে ইয়াৰ অতিৰিক্ত উপকাৰ হ’ব পাৰে। ডাঃ ভৱছাৰে ৰাতিপুৱাই ১ চামুচ আমলখিৰ গুড়ি বা ৩ টা সতেজ আমলখিৰ ৰস খাবলৈ পৰামৰ্শ দিছে।
ৰাতি তিয়াই থোৱা কিচমিচঃ
ক'লা কিচমিচ খোৱাতো উপকাৰী কাৰণ ই আঁহ সমৃদ্ধ আৰু ই আপোনাৰ মলত্যাগত সহায় কৰিব। এমুঠি কিচমিচ ৰাতিটো তিয়াই থ’ব, যিটো সহজে হজম হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|