নতুন বছৰ অৰ্থাৎ ২০২২ আৰম্ভ হ’বলৈ মাজত মাথোঁ কেইটামান দিন বাকী। নতুন বছৰটোক লৈ সকলোৱে আৰম্ভ কৰিছে জল্পনা–কল্পনা। এই বছৰটোৰ বাকী থকা দিনকেইটাত আপুনি কৰি লওক আপোনাৰ কিছুমান প্ৰয়োজনীয় কাম, অন্যথা নতুন বছৰটোত বিপদত পৰিব পাৰে আপুনি। কিয়নো দেশত ১ জানুৱাৰীৰ পৰা কিছুমান ডাঙৰ সালসলনি হ’বলৈ গৈ আছে। এই সালসলনি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি সময়মতে এই কাম নকৰে তেন্তে পিছত হাৰাশাস্তিৰ সন্মুখীন হ’ব পাৰে আপুনি। সেয়ে ১ জানুৱাৰীৰ পূৰ্বেই কৰি লওক এই ৫টা গুৰুত্বপূৰ্ণ কাম।
১. ৩১ ডিচেম্বৰৰ পূৰ্বে জমা দিব লাগিব আয়কৰ ৰিটাৰ্ণবিত্তীয় বৰ্ষ ২০২০–২১ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩১ ডিচেম্বৰ ২০২১লৈ আয়কৰ ৰিটাৰ্ণ দাখিলৰ ডেডলাইন বৃদ্ধি কৰিছে। নতুন আয়কৰ প’ৰ্টেলত হোৱা সমস্যা আৰু কোৰোণা ভাইৰাছৰ বাবে চৰকাৰে সময়সীমা বৃদ্ধি কৰিছে। আয়কৰ দিবলগীয়া লোকসকলে ৩১ ডিচেম্বৰলৈ নিজৰ আইটিআৰ ফাইল কৰিব পাৰে। যদি এয়া নকৰে তেন্তে আপুনি জৰিমনা ভৰিব লাগিব পাৰে।
২. আধাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব UAN৩১ ডিচেম্বৰৰ পূৰ্বে EPFOৰ সদস্যসকলক UAN নম্বৰৰ সৈতে আধাৰ লিংক কৰাটো প্ৰয়োজন। যদি EPFOৰ সদস্যসকলে এই কাম নকৰে তেন্তে তেওঁৰ পি এফ একাউণ্ট বন্ধ হ’ব পাৰে।
৩. ডিমেট ট্ৰেডিং একাউণ্টৰ কৰিব লাগিব KYC
Securities and Exchange Board of India (SEBI)ই ডিমেট ট্ৰেডিং একাউণ্টৰ KYC কৰাৰ সময়সীমা ৩০ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰ ২০২১ ধাৰ্য কৰিছিল। KYCৰ জৰিয়তে ডিমেট ট্ৰেডিং একাউণ্টত নাম, ঠিকনা, পেন কাৰ্ড নম্বৰ, ম’বাইল নম্বৰ, বয়স, ইমেইল আইডিৰ দৰে বহু তথ্য আপডেট কৰিব লাগে। এনে নকৰিলে আপুনি সমস্যাৰ সন্মুখীন হ’ব পাৰে।
৪. বেংক অব বৰোদাত ল’ব পাৰে কম সুদত লোণযদি আপুনি বেংক অব বৰোদাৰ গ্ৰাহক তেন্তে কম সুদত হোম লোণ ৩১ ডিচেম্বৰলৈ ল’ব পাৰে। বেংক অব বৰোদাই উৎসৱৰ বতৰত ৩১ ডিচেম্বৰলৈ হোম লোণৰ সুদ ৬.৫০ শতাংশ কৰিছিল। নতুন বছৰ অৰ্থাৎ ১ জানুৱাৰীৰ পৰা এই ৰেহাই শেষ হ’ব।
৫. অনলাইন মাৰ্চেণ্টে ৪০ শতাংশলৈ ভৰিব লাগিব ৰাজহউদ্যোগ মণ্ডল ফিক্কীৰ মতে, গ্ৰাহকৰ ডেবিট–ক্ৰেডিট কাৰ্ড সম্পৰ্কীয় তথ্য জমা কৰাৰ সলনি টোকেন নম্বৰ জাৰি কৰাৰ নতুন ব্যৱস্থা কাৰ্যকৰী হ’লে অনলাইন মাৰ্চেণ্টে ২০ শতাংশৰ পৰা ৪০ শতাংশলৈ ৰাজহ ভৰিব লাগিব পাৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Sanjay Kumar Das
FIRST PUBLISHED : December 26, 2021, 13:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।