• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Beer: পৰিমিতভাৱে বীয়েৰ সেৱন কৰাটো উপকাৰী নেকি, জানক ইয়াৰ ৫টা উপকাৰিতা

Beer: পৰিমিতভাৱে বীয়েৰ সেৱন কৰাটো উপকাৰী নেকি, জানক ইয়াৰ ৫টা উপকাৰিতা

Beer: গৱেষণাৰ পৰা দেখা গৈছে যে গ্ৰীষ্মকালত ৰাতিৰ আহাৰ গ্ৰহণৰ সৈতে বীয়েৰ খোৱাটো আপোনাৰ দেহত থকা ভাল আৰু স্বাস্থ্যৱান বেক্টেৰিয়াৰ বাবে সুবিধাজনক।

Beer: গৱেষণাৰ পৰা দেখা গৈছে যে গ্ৰীষ্মকালত ৰাতিৰ আহাৰ গ্ৰহণৰ সৈতে বীয়েৰ খোৱাটো আপোনাৰ দেহত থকা ভাল আৰু স্বাস্থ্যৱান বেক্টেৰিয়াৰ বাবে সুবিধাজনক।

Beer: গৱেষণাৰ পৰা দেখা গৈছে যে গ্ৰীষ্মকালত ৰাতিৰ আহাৰ গ্ৰহণৰ সৈতে বীয়েৰ খোৱাটো আপোনাৰ দেহত থকা ভাল আৰু স্বাস্থ্যৱান বেক্টেৰিয়াৰ বাবে সুবিধাজনক।

  • Share this:
যিকোনো বস্তু অতিমাত্ৰা খালে মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কোৱা হয়। সুৰাৰ ক্ষেত্ৰতো কোৱা হয় যে কম পৰিমাণে সেৱন কৰিলেও আপোনাৰ স্বাস্থ্যৰ ক্ষতি হয়। পিছে এটা নতুন অধ্যয়নত কোৱা হৈছে যে গ্ৰীষ্মকালত যদি আপুনি পৰিমিতভাৱে ঠাণ্ডা বীয়েৰ (Chilled Beer) খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

দ্য ছানৰ মতে, গৱেষণাৰ পৰা দেখা গৈছে যে গ্ৰীষ্মকালত ৰাতিৰ আহাৰ গ্ৰহণৰ সৈতে বীয়েৰ (Beer) খোৱাটো আপোনাৰ দেহত থকা ভাল আৰু স্বাস্থ্যৱান বেক্টেৰিয়াৰ বাবে সুবিধাজনক। কেৱল সেয়াই নহয়, ই ডায়েবেটিছ আৰু হৃদৰোগত সহায় কৰিব পাৰে।

পৰিমিত  বীয়েৰ সেৱনৰ সুবিধাসমূহ

ওজন কমাবলৈ উপযোগী

অধিক বীয়েৰ খালে ওজন বৃদ্ধি হ’ব পাৰে যদিও ইয়াত ৱাইনতকৈ কম কেলৰি থাকে আৰু এইদৰে পৰিমিতভাৱে সেৱন কৰিলে ওজন কমোৱাত (Weight Loss) সহায় কৰিব পাৰে।

ডায়েবেটিছ হোৱাৰ সম্ভাৱনা কমায়

গৱেষণা অনুসৰি বীয়েৰত কিছুমান উপাদান আছে যিয়ে ডায়েবেটিছৰ সম্ভাৱনা কমোৱাৰ কাম কৰে। কেৱল সেয়াই নহয়, উচ্চ ৰক্তচাপ (High Blood Pressure) প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। কিন্তু একে সময়তে ব্যায়াম আৰু উপযুক্ত খাদ্য খালেহে ই বেছি উপকাৰী হয়।

যকৃত সুস্থ হৈ থাকে

অত্যধিক মদ্যপান কৰাসকলৰ মাজত সাধাৰণতে যকৃতৰ জটিল ৰোগ দেখা যায়, কিন্তু বীয়েৰ পৰমিত পৰিমাণে সেৱন কৰিলে যকৃত সুস্থ হৈ থাকে।

বিয়েৰত এণ্টিঅক্সিডেণ্ট সমৃদ্ধ

ৰেড ৱাইনৰ দৰেই বিয়েৰতো এণ্টিঅক্সিডেণ্ট (Antioxidantsথাকে যিয়ে আমাক ফ্ৰী ৰেডিকেলছৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।
Published by:Manjumoni Borah
First published: