4GB RAM স্মাৰ্টফোন HONOR 20i আৰু Realme 3 Proৰ মাজত কঠিন যুঁজ, আপুনি কোনটো লোৱা উচিত

১২হাজাৰ টকাৰ ৰেঞ্জত দুয়োটা স্মাৰ্টফোনৰ মাজত কোনটো শ্ৰেষ্ঠ?

News18-Assam
Updated:October 17, 2019, 6:29 PM IST
4GB RAM স্মাৰ্টফোন HONOR 20i আৰু Realme 3 Proৰ মাজত কঠিন যুঁজ, আপুনি কোনটো লোৱা উচিত
১২হাজাৰ টকাৰ ৰেঞ্জত দুয়োটা স্মাৰ্টফোনৰ মাজত কোনটো শ্ৰেষ্ঠ?
News18-Assam
Updated: October 17, 2019, 6:29 PM IST
পৰিৱৰ্তনশীল প্ৰতিযোগিতামূলক বজাৰখন ভালকৈ দখল কৰাটো অতি কঠিন। প্ৰতিটো বৃহৎ ম’বাইল কোম্পানীয়ে নিজা অনন্য মাৰ্কেটিং কৌশলেৰে গ্ৰাহকৰ মনত নিজৰ ব্ৰেণ্ডটোৰ চাপ এৰিব বিচাৰে আৰু সেইকাৰণে বজাৰত নিজৰ স্থিতি সম্প্ৰসাৰিত কৰিবলৈ ম’বাইল ফোন কোম্পানীবিলাকে সস্তাতে উচ্চমানৰ প্ৰযুক্তি গ্ৰাহকলৈ আগবঢ়াইছে| তাৰোপৰি, বিশেষত্বসমূহ, গেজেটটোৰ ডিজাইন, অনন্য পেকেজিং আদিয়েও ম’বাইল কোম্পানীৰ ব্ৰেণ্ড ইমেজ নিৰ্মাণ কৰাত যথেষ্ট অৱদান আগবঢ়ায়।
আজি আমাৰ হাতত আছে HONOR 20i-ৰ 4GB RAM ভেৰিয়েন্ট আৰু Realme 3 pro। দুয়োটাৰে মাজত তুলনা কৰো আহক।

HONOR 20i বনাম Realme 3 pro

দুয়োটা ব্ৰেণ্ডেই গ্ৰাহকক ধৰি ৰাখবিলৈ সীমিত মূল্যতে ভাল ডীল প্ৰদান কৰিছে। দুয়োটা ম’বাইল ফোনৰ এই আকৰ্ষণীয় অফাৰ পোৱাৰ পিছত গ্ৰাহক যেন অস্থিৰ হৈ পৰিছে যে কোনটো ফোন কিনিব? প্ৰশ্ন উঠিছে, 12,000 টকা মূল্যৰ ভিতৰত এই দুটা ফোনৰ ভিতৰত কোনটো কিনাটো বুদ্ধিমানৰ কাম? সঁচাকৈ এয়া অতি কঠিন প্ৰশ্ন কাৰণ HONOR আৰু Realme উভয়েই মোবাইলৰ বজাৰত নিজৰ খোপনি দৃঢ় কৰিবৰ বাবে অঘোষিত প্ৰতিযোগিতাত নামিছে।

ডিজাইন আৰু ডিচপ্লে
ডিজাইন আৰু ডিচপ্লেৰ ক্ষেত্ৰত দুয়োটা ফোনতে আছে ৱাটাৰ ড্ৰপ FHD+ ডিছপ্লে। HONOR 20i-ত আছে 15.77 cm (6.21-inch FHD+ ডিছপ্লে আৰু Realme 3 pro-ত আছে 16 cm (6.3-inch)। দুয়োটাৰে পেনেল আৰু আকাৰ প্ৰায় সমান। কিন্তু HONOR 20i হৈছে চকুত পৰাকৈ অধিক মসৃণ আৰু পাতল, যিহেতু এই ফোন 7.95mm মোটা আৰু ওজন কেৱল 164 grams; য'ত নেকি Realme 3 Pro হৈছে 8.3mm মোটা আৰু ওজন 172 grams।
অতিৰিক্তভাৱে HONOR 20i-টো হৈছে অধিক ষ্টাইলিছ, দেখিবলৈ উত্তম আৰু ফোনটো ধৰিবলৈও ইয়াত এক প্ৰীমিয়াম অভিজ্ঞতা পোৱা যায়, যিহেতু ইয়াত আছে গ্ৰেডিয়েন্ট ব্লেক আৰু অন্য ৰং বাচনিৰ বিকল্প। ইয়াৰ  তুলনাত Realme 3 Pro-ৰ লাইট পেটাৰ্ণ ডুৱেলিটী ডিজাইন আৰু স্পীডৱে পেটাৰ্ণ দেখিবলৈ অলপ শেঁতা পৰা ! উপলব্ধ ৰঙৰ ভিতৰত, HONOR 20i -ত আপুনি পাব মিডনাইট ব্লেক, ফেন্টম ৰেড, ফেন্টম ব্লু; আনহাতে Realme 3 Pro-ৰ বাবে আছে লাইটনিং পাৰ্পল, নাইট্ৰ ব্লু, কাৰ্বন গ্ৰে ৰংসমূহ। 

হাৰ্ডৱেৰৰ শক্তি

HONOR 20i-ক শক্তি প্ৰদান কৰে 2.2GHz octa-core Kirin 710 চিপছেট আৰু GPU Turbo 2.0-এ, আনহাতে Realme 3 pro-ৰ শক্তি আহে 2.2GHz Snapdragon 710 AIE প্ৰচেছৰ আৰু Adreno 616 GPU-ৰ পৰা। HONOR 20i উপলব্ধ 4GB RAM-ৰ সৈতে, আৰু Realme-ত পাব তিনিটা ভিন্নতাৰ সৈতে- 4+64GB/ 6+64GB/ 6+128GB। দুয়োটা স্মাৰ্টফোনেই আপোনাক উন্নত গেমিং অভিজ্ঞতা প্ৰদান কৰাৰ লগতে দৈনিক কৰ্মৰাজী বিঘিনি নথকাকৈ সম্পন্ন কৰাত সহায় কৰে।

কেমেৰা হৈছে বিশেষ
ম’বাইল ফোনৰ ক্ষেত্ৰত কেমেৰা হৈছে এক অপৰিহাৰ্য অংগ, যাক এৰাই চলিব নোৱাৰি। ফটো ক্লিক কৰোঁতে সকলোৱেই ভালকৈ উঠিব খোজে, যিটোৰ বাবে ম’বাইল ফোনত সৰ্বোত্তম লেন্স থকাটো দৰকাৰী। এইক্ষেত্ৰত Realme 3 Pro-ৰ তুলনাত HONOR 20i আগবঢ়া যিহেতু ইয়াত আছে এক ট্ৰিপল কেমেৰা ছেট-আপ। ইয়াত আছে এক 24-মেগাপিক্সেল কেমেৰা, এটা 8- মেগাপিক্সেল ৱাইড-এংগল কেমেৰা আৰু এটা 2- মেগাপিক্সেল ডেপথ ছেন্সৰ। আনহাতে Realme-ত আছে 16MP প্ৰাইমেৰী চেন্সৰ আৰু 5MP ছেকেণ্ডাৰী ডেপথ-ছেন্সিং কেমেৰাৰ সৈতে ডুৱেল কেমেৰা ছেট-আপ। সমুখৰ ফালে HONOR 20i-ত আছে উচ্চমানৰ 32MP ছেলফি কেমেৰা আৰু Realme 3 Pro-ত আছে এক 25MP ফ্ৰন্ট-ফেচিং কেমেৰা।
ম’বাইল ফোনটোৰ কেমেৰাৰ অন্য বৈশিষ্ট্যৰ ভিতৰত আছে AI শক্তি সম্পন্ন কেমেৰা, ল' লাইট কেপচাৰ, পৰ্ট্ৰেইট ম'ড, বিউটিফিকেশ্যন ইত্যাদি যিবোৰ দুয়োটা ফোনতে পোৱা যায়। HONOR 20i-ত থকা ছুপাৰ নাইট ম'ডৰ সহায়ত কম পোহৰতো ভালদৰে ফটো তুলিব পাৰি আৰু ছুপাৰ ৱাইড এংগলে আপোনাক দিয়ে 120 ডিগ্ৰী FOV।

বেটেৰী আৰু OS

The HONOR 20i-ত আছে এক 3,400mAh বেটেৰী, আৰু Realme Pro 3-ত পাব এক 4,045mAh বেটেৰী। HONOR-ৰ EMUI 9.1 custom OS-ক ধন্যবাদ, কাৰণ ইয়ে আপোনাৰ স্মাৰ্টফোনৰ অভিজ্ঞতাক কেইবাগুণো বৃদ্ধি কৰি তোলে। উদাহৰণ হিচাপে, HONOR 20i-ৰ বেটেৰী ব্যৱস্থাপনাৰ ফাংচনটোৱে আপোনাৰ ফোনটোক এদিনতকৈ অধিক চলিবলৈ দিয়ে আৰু সেয়ে ই সহজেই Realme 3 Pro-ৰ 4,045mAh বেটেৰীৰ সৈতে মোকাবিলা কৰিব পাৰে। অন্য ফীচাৰৰ ভিতৰত আছে AI-বৰ্দ্ধিত কল, AI ভিশ্যন, AI ছীন ৰিকগনিশ্যন আৰু আই-কেয়াৰ ম'ড (যিটো TUV ৰাইনলেণ্ডৰ দ্বাৰা প্ৰমাণিত)|

দুয়োটা ফোনেই Android-ৰ শেহতীয়া OS- Pieত চলে। কিন্তু UI-ৰ দিশৰ পৰা চাবলৈ গ'লে HONORৰ EMUI টোৱে Color OS-ক চেৰাই যায় যিহেতু ই চলাবলৈ সহজ আৰু স্ক্ৰ’ল কৰিবলৈকো অধিক সহজ।

উচিত মূল্য
দুয়োটা প্ৰডাক্টেই (4GB ভেৰিয়েন্ট) Amazon আৰু Flipkart-ৰ শেহতীয়া অফাৰত লাভ কৰিব INR 11,999 মূল্যত। HONOR 20i-য়ে অতিৰিক্তভাৱে আপোনাক 128GB মেম'ৰী প্ৰদান কৰে, আনহাতে Realme 3 Pro-ৱে কেৱল 64GB মেম'ৰী প্ৰদান কৰে। HONOR 20i-টো 512GB লৈকে বৃদ্ধি কৰিব পাৰি আৰু Realme 3 Pro-ক কেৱল 256GB লৈকে হে বৃদ্ধি কৰিব পাৰি।

উন্নত ফলাফল
HONOR 20i আৰু Realme 3 দুয়োটাৰে এইখিনি বৈশিষ্ট্য উল্লেখ কৰাৰ লগতে আমি ভাবো যে HONOR 20i কিছু পৰিমাণে অধিক শ্ৰেষ্ঠ স্মাৰ্টফোন যিহেতু ইয়াত অধিক অত্যাধুনিক বৈশিষ্ট্য আছে।
HONOR 20i স্মাৰ্টফোনটো Realme 3-ৰ তুলনাত চকুত লগাকৈ আগবঢ়া, ইয়াৰ লুক, কেমেৰাৰ কনফিগাৰেশ্বন, অধিক মেম'ৰী, উত্তম UI আদিৰ ফালৰ পৰা ই অধিক ষ্টাইলিছ আৰু এজন গ্ৰাহকে নিজৰ ম’বাইল ফোনত সেয়াই বিচাৰে।

ইয়াৰ পৰা ক্ৰয় কৰক
Amazon-ত 20i: https://amzn.to/2VIIF0S
Flipkart-ত 20i: https://bit.ly/2Mken1L

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি