শেহতীয়াকৈ অসমৰ চৰকাৰী–বেচৰকাৰী কাৰ্যালয়ত ৪১ শতাংশ মহিলা কৰ্মচাৰী সহকৰ্মীৰ যৌন নিৰ্যাতনৰ বলি হোৱাৰ তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে স্বেচ্ছাসেৱী অনুষ্ঠান নৰ্থ–ইষ্ট নেটৱৰ্ক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে চলোৱা যৌথ সমীক্ষাত। অসমৰ কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা কিমান সেই বিষয়ে এক যৌথ সমীক্ষা চলাইছিল গুৱাহাটী বিশ্ববিদ্যালয় আৰু নৰ্থ–ইষ্ট নেটৱৰ্কে। ৰাজ্যৰ প্ৰায় সাত মণ্ডলৰ পাঁচ শতাধিক কৰ্মচাৰীক লৈ চলোৱা এই জৰীপত কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ গোপন তথ্য পোহৰলৈ আহিছে। সেইদৰে এই সমীক্ষাই এতিয়া কৰ্মক্ষেত্ৰত মহিলাক যৌন নিৰ্যাতন প্ৰতিৰোধ আইন–২০১৩ উলংঘন কৰিছে বুলি দাবী কৰিছে সংস্থা দুটাই। সমীক্ষাত ৪১ শতাংশ মহিলাই কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি স্বীকাৰ কৰিছে।কিন্তু ৫৯ শতাংশ মহিলা কৰ্মচাৰীয়ে পোনপটীয়াকৈ কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱাৰ কথা অস্বীকাৰ কৰিছে সমীক্ষাটোত। তেওঁলোকে কৰ্মক্ষেত্ৰত পুৰুষ সহকৰ্মীৰ পৰা অনাকাংক্ষিত ব্যৱহাৰৰ মুখামুখি হোৱাৰ কথা স্বীকাৰ কৰিলেও সেয়া সাধাৰণভাৱেই গ্ৰহণ কৰা বুলি উল্লেখ কৰে।
প্ৰতিবেদনৰ মতে কৰ্মক্ষেত্ৰত ৩৫.৭ শতাংশ মহিলাই যৌনগন্ধী মন্তব্যৰ সন্মুখীন হোৱাৰ বিপৰীতে ৩২.৭ শতাংশই পুৰুষ সহকৰ্মীৰ পৰা অশ্লীল অংগী–ভংগীৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও ১৫.২ শতাংশ মহিলাক পুৰুষে ইচ্চাকৃত ভাৱে গা ঘহোৱা, সাবটি ধৰা, যৌন নিৰ্য়াতন চলোৱা, যৌন নিগ্ৰহৰ চেষ্টা কৰা ইত্যাদি শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈছে।
গুৱাহাটী বিশ্ববিদ্যালয় আৰু নৰ্থ–ইষ্ট নেটৱৰ্কৰ সমীক্ষাই দিয়া এই ভয়ংকৰ তথ্যই এতিয়া কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা বিষয়ৰ প্ৰশ্নক আকৌ প্ৰাসংগিক কৰি তুলিছে।
Published by: Dulu Medhi
FIRST PUBLISHED : June 03, 2019, 16:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।