• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Reduce Hair Fall : চুলি সৰা কমাবলৈ ৪টা প্ৰাকৃতিক উপায়

Reduce Hair Fall : চুলি সৰা কমাবলৈ ৪টা প্ৰাকৃতিক উপায়

Reduce Hair Fall: আয়ুৰ্বেদত বিশ্বাস কৰা হয় যে চুলি সৰা সমস্যা কমোৱাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে সুস্থ জীৱনশৈলী বজাই ৰখাটো প্ৰয়োজন।

Reduce Hair Fall: আয়ুৰ্বেদত বিশ্বাস কৰা হয় যে চুলি সৰা সমস্যা কমোৱাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে সুস্থ জীৱনশৈলী বজাই ৰখাটো প্ৰয়োজন।

Reduce Hair Fall: আয়ুৰ্বেদত বিশ্বাস কৰা হয় যে চুলি সৰা সমস্যা কমোৱাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে সুস্থ জীৱনশৈলী বজাই ৰখাটো প্ৰয়োজন।

  • Share this:
বাৰিষাৰ সময়ত আৰ্দ্ৰ বতৰ আৰু বতাহত থকা আৰ্দ্ৰতাই চুলিৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰে। বাৰিষা কালত চুলি সৰা সাধাৰণতে বৃদ্ধি পায়। অত্যধিক আৰ্দ্ৰতাৰ বাবে মূৰৰ ছালখন তেলীয়া আৰু আঠাযুক্ত হৈ পৰে, যিটো চুলি সৰা (Hair Fall)ৰ প্ৰধান কাৰণ।

ইয়াত আমি কেইটামান প্ৰাকৃতিক উপায় শ্বেয়াৰ কৰিছো, যিয়ে চুলি সৰা কমোৱাত সহায় কৰিব।

১/ গৰম তেলৰ মালিচ: চুলিৰ বাবে প্ৰথম ফলপ্ৰসূ বস্তু হ’ল তেল। গতিকে চুলি সৰা ৰোধ কৰিবলৈ এটা বাটিত অলপ তেল ল'ব লাগে। তেলখিনি কুহুমীয়া গৰম কৰি লওক, আৰু তাৰ পিছত তেলেৰে মূৰটো মালিচ কৰক। এনে কৰিলে আপোনাৰ মূৰৰ ছালত তেজ চলাচলৰ মাত্ৰা বৃদ্ধি পাব আৰু তেল চুলিৰ শিপাত প্ৰৱেশ কৰিব, যিটো চুলি সৰা কম কৰিবলৈ অতি প্ৰয়োজনীয়।

২) মেথি আৰু ভেন্দিৰ বীজ চুলিৰ পেক: মেথিৰ গুটি আৰু ভেন্দিৰ গুটি দুয়োটা নতুন চুলি বৃদ্ধিৰ বাবে অতি উপযোগী। এতিয়া এই হেয়াৰ মাস্ক বনাবলৈ প্ৰথমে ৰাতিটো পানীত তিয়াই থ’ব লাগিব। ৰাতিপুৱা মিক্সাৰত পিহি দিব। তাৰ পিছত এই মিশ্ৰণটো মূৰৰ ছাল আৰু চুলিত লগাব লাগে। আধা ঘণ্টা ৰাখিব তাৰ পিছত চুলিখিনি ভালদৰে পৰিষ্কাৰ কৰক। তৎক্ষণাত ফলাফল পাবলৈ সপ্তাহত দুবাৰকৈ এই প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰক।

৩/ হাৰ্বেল হেয়াৰ পেক: এই আচৰিত চুলিৰ প্ৰতিকাৰ বনাবলৈ আপুনি এলোভেৰা, নৰসিংহ পাত, আমলা, মেথি আৰু জবা ফুলৰ প্ৰয়োজন। তাৰ পিছত মিক্সাৰত ভালদৰে পিহি পেষ্ট বনাই ল'ব। তাৰ পিছত ভালদৰে লগাই ৪০ মিনিট ৰাখি ধুই পেলাওক। এই মিশ্ৰণে চুলিক সুস্থ কৰি ৰখাত সহায় কৰে, লগতে পি এইচ ভাৰসাম্য ৰক্ষা কৰে। ভাল ফলাফল পাবলৈ আপুনি সপ্তাহত এবাৰ এই পেষ্ট লগাব লাগিব।

৮/ সুস্থ জীৱনশৈলী : ঘৰুৱা উপায় প্ৰয়োগ কৰাৰ লগতে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিয়ক। আয়ুৰ্বেদত বিশ্বাস কৰা হয় যে চুলি সৰা সমস্যা কমোৱাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে সুস্থ জীৱনশৈলী বজাই ৰখাটো প্ৰয়োজন। লগতে দৈনন্দিন জীৱনত যোগ আৰু প্ৰাণায়াম অন্তৰ্ভুক্ত কৰি চুলি সৰা সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি