• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tokyo Olympics : অলিম্পিকত ইতিহাস গঢ়াৰ দিশে উত্তৰ–পূবৰ তিনি কন্যা, লাভলীনা–লালৰেমছিয়ামী–সুশীলাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ

Tokyo Olympics : অলিম্পিকত ইতিহাস গঢ়াৰ দিশে উত্তৰ–পূবৰ তিনি কন্যা, লাভলীনা–লালৰেমছিয়ামী–সুশীলাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ

আজি অলিম্পিকত জিলিকিব উত্তৰ–পূবৰ তিনি কন্যা। বক্সিঙত লাভলীনা বৰগোহাঁইৰ লগতে মহিলা হকী দলত আছে উত্তৰ–পূবৰ দুই যুৱতী।

আজি অলিম্পিকত জিলিকিব উত্তৰ–পূবৰ তিনি কন্যা। বক্সিঙত লাভলীনা বৰগোহাঁইৰ লগতে মহিলা হকী দলত আছে উত্তৰ–পূবৰ দুই যুৱতী।

আজি অলিম্পিকত জিলিকিব উত্তৰ–পূবৰ তিনি কন্যা। বক্সিঙত লাভলীনা বৰগোহাঁইৰ লগতে মহিলা হকী দলত আছে উত্তৰ–পূবৰ দুই যুৱতী।

  • Share this:
আজি ভাৰতীয় ক্ৰীড়াৰ বাবে এক ঐতিহাসিক দিন। টকিঅ’ অলিম্পিক (Tokyo Olympics)ত ভাৰতীয় খেলুৱৈয়ে ৰচিব ইতিহাস! আজি যুঁজত নামিব ইতিমধ্যে পদক নিশ্চিত কৰা অসম কন্যা লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain)। ছেমি ফাইনেলত লাভলীনা মুখামুখি হ’ব তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে যুঁজ দিব। আনহাতে, ভাৰতীয় মহিলা হকী দলেও (Indian Womens Hockey Team) প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ চেষ্টা চলাব। ইতিমধ্যে জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই ফাইনেলত প্ৰৱেশ কৰিছে।

এইবাৰ টকিঅ’ অলিম্পিকত ইতিহাস গঢ়িলে ভাৰতীয় নাৰীয়ে। ইতিমধ্যে ভাৰতে লাভ কৰা দুটা পদক দখল কৰিছে মহিলা খেলুৱৈয়ে। ভাৰোত্তোলনত মীৰাবাই চানু আৰু বেডমিণ্টনত পি ভি সিন্ধুৱে দখল কৰিছে পদক। লাভলীনাই ইতিমধ্যে পদক নিশ্চিত কৰিছে। মীৰাবাই চানুৱে ৰূপৰ পদক পোৱাৰ বিপৰীতে পি ভি সিন্ধুৱে লাভ কৰিছে ব্ৰঞ্জৰ পদক। লাভলীনাৰ পদকৰ ৰং কি হ’ব সেয়া ক’ব পৰা যাব আজিৰ খেলৰ পিছত।

আজি অলিম্পিকত জিলিকিব উত্তৰ–পূবৰ তিনি কন্যা। বক্সিঙত লাভলীনা বৰগোহাঁইৰ লগতে মহিলা হকী দলত আছে উত্তৰ–পূবৰ দুই যুৱতী। এগৰাকী হ’ল মণিপুৰৰ সুশীলা চানু আৰু আনগৰাকী হৈছে মিজোৰামৰ লালৰেমছিয়ামী। দুয়োগৰাকী ভাৰতী মহিলা হকী দলৰ অন্যতম সদস্য।

২৯ বছৰীয়া মিড ফিল্ডাৰ সুশীলা চানুয়ে ১১ বছৰ বয়সত হাতত তুলি লৈছিল হকী ষ্টিক। গাড়ীচালকৰ কন্যা চানুৱে এতিয়ালৈ দেশৰ হৈ ১৫০ খনতকৈ অধিক মেচত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে। মণিপুৰৰ মীৰাবাঈ চানুৱে ভাৰোত্তোলনত ৰূপৰ পদক আঁজুৰি অনাৰ পিছত এতিয়া সমগ্ৰ উত্তৰ-পূবৰ দৃষ্টি নিবদ্ধ হৈ আছে আন গৰাকী চানুৰ প্ৰদৰ্শনলৈ।

উত্তৰ–পূবৰ আন গৰাকী ভাৰতীয় মহিলা হকী দলৰ সদস্য হৈছে মিজোৰামৰ লালৰেমছিয়ামী। ২৫বছৰীয়া মিজোৰাম কন্যাই ১১ বছৰ বয়সতে হকী ষ্টিক তুলি লৈছিল। মিজোৰামৰ কলাছিব জিলাৰ লালৰেমছিয়ামীয়ে আৰম্ভণিতে হিন্দী, ইংৰাজী নজনাৰ কাৰণে টিমমেটৰ সৈতে আকাৰ-ইংগিতেৰে কথা পাতিছিল। লালৰেমছিয়ামী মিজোৰামৰ একমাত্ৰ মহিলা হকী খেলুৱৈ। মিজোৰামৰ কলাছিব জিলাত জন্ম হোৱা লালৰেমছিয়ামীৰ পিতৃ এগৰাকী কৃষক।

লাভলীনা বৰগোহাঁইক লৈ অত্যন্ত আশাবাদী অসমবাসীৰ লগতে সমগ্ৰ দেশ। লাভলীনাৰ বাবে প্ৰাৰ্থনা কৰিছে সমগ্ৰ অসমবাসীয়ে। সকলোৰে আশা লাভলীনাই স্বৰ্ণপদক লৈ ঘূৰি আহক টকিঅ’ৰ পৰা। ইতিমধ্যে অসম কন্যাই অলিম্পিকত পদক নিশ্চিত কৰিছে।
Published by:Sanjay Kumar Das
First published: