শিহৰণকাৰী VIDEO: বিবাহ বান্ধোনত বান্ধ খাবলৈ মন্দিৰলৈ গৈ থকা সময়তে ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত প্ৰেমিক–প্ৰেমিকা

News18 Assam | News18-Assam
Updated:October 15, 2020, 3:59 PM IST
শিহৰণকাৰী VIDEO: বিবাহ বান্ধোনত বান্ধ খাবলৈ মন্দিৰলৈ গৈ থকা সময়তে ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত প্ৰেমিক–প্ৰেমিকা
আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে যদিও প্ৰাথমিক অনুসন্ধানত গাড়ীখনৰ ব্ৰেক ফেইল হোৱাৰ কাৰণে দুৰ্ঘটনা হোৱাৰ তথ্য প্ৰকাশ।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে যদিও প্ৰাথমিক অনুসন্ধানত গাড়ীখনৰ ব্ৰেক ফেইল হোৱাৰ কাৰণে দুৰ্ঘটনা হোৱাৰ তথ্য প্ৰকাশ।

  • Share this:
অতি ভয়ংকৰ ঘটনা। সপ্তপদীৰে জীৱনজোৰা বান্ধোনত বান্ধ খাবলৈ যোৱাৰ পথতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল এহাল প্ৰেমিক–প্ৰেমিকাই। মন্দিৰলৈ বিয়া কৰাবলৈ যোৱাৰ বাটতে এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ হৰি নিলে দুই প্ৰেমাস্পদৰ। এই অতি ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত।






ছিগনেলত ৰৈ থকা দুখন বাইক আৰু দুখন গাড়ীৰ সৈতে ভয়ংকৰ জোৰেৰে খুন্দা মাৰে আন এখন গাড়ীয়ে। সোমবাৰে হায়দৰাবাদৰ য়াদাৰী–ভংগিৰ জিলাৰ চউটউপ্পলৰ এটা ছিগনেলত এই দুৰ্ঘটনা সংঘটিত হয়। কন্দাগাটুৰ এটা মন্দিৰলৈ বিয়া কৰাবলৈ গৈ থকা এহাল প্ৰেমিকা–প্ৰেমিকা এই দুৰ্ঘটনাত থিতাতে নিহত হোৱাৰ লগতে চিকিৎসালয়ত ভৰ্তি কৰোৱা আন এজন গুৰুতৰভাৱে আহত ব্যক্তিয়েও প্ৰাণ হেৰুৱায়।

ৰংগাৰেড্ডী জিলাৰ দুৰ্ভগীয়া প্ৰেমিক–প্ৰেমিকাহালৰ লগত যোৱা দুজন আত্মীয় অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।


দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা বাহনকেইখনত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়। এই প্ৰচণ্ড সংঘৰ্ষৰ পিছত বহুসময়লৈ ছিগনেলটোত সকলো যাতায়ত বন্ধ হৈ পৰে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে যদিও প্ৰাথমিক অনুসন্ধানত গাড়ীখনৰ ব্ৰেক ফেইল হোৱাৰ কাৰণে দুৰ্ঘটনা হোৱাৰ তথ্য প্ৰকাশ।
First published: October 15, 2020, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading