সুৰাত মগন... অসমৰ ২৮ লক্ষ লোকে কৰে সুৰাপান!

অসমত সুৰা নিষিদ্ধকৰণ সম্ভৱনে? অসমৰ কিমান শতাংশই সেৱন কৰে ভাং? মদ আৰু ভাং সেৱন কৰা ৰাজ্যৰ শীৰ্ষত কোন?

News18-Assam
Updated:July 29, 2019, 1:45 PM IST
সুৰাত মগন... অসমৰ ২৮ লক্ষ লোকে কৰে সুৰাপান!
অসমত সুৰা নিষিদ্ধকৰণ সম্ভৱনে? অসমৰ কিমান শতাংশই সেৱন কৰে ভাং? মদ আৰু ভাং সেৱন কৰা ৰাজ্যৰ শীৰ্ষত কোন?
News18-Assam
Updated: July 29, 2019, 1:45 PM IST
ভয়াৱহ ভৱিষ্যতৰ ইংগিত! অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ৮.৮ শতাংশই কৰে সুৰাপান । অৰ্থাৎ অসমৰ মুঠ জনসংখ্যাৰ ২৮ লক্ষ লোকে মদ্যপান কৰে । তাৰে পুৰুষৰ সংখ্যা ২৪ লাখ আৰু মহিলাৰ সংখ্যা ৪ লাখ । তাৰ পৰিৱৰ্তে সমগ্ৰ দেশত ১৬ কোটি লোকে সুৰাপান কৰে । দেশৰ প্ৰতি এগৰাকী মহিলাৰ বিপৰীতে ১৭ জন পুৰুষে কৰে মদ্যপান । মদ্যপানৰ শীৰ্ষত আছে চত্তীশগড় আৰু দ্বিতীয় স্থানত আছে ত্ৰিপুৰা । এই তালিকাত মণিপুৰে অষ্টম স্থান দখল কৰিছে আৰু তালিকাৰ ২৫ নম্বৰ স্থানত আছে অসম। আনহাতে চুবুৰীয়া মেঘালয়ে কম মদ্যপান কৰা ৰাজ্যৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে । মণিপুৰত ২২.৪ শতাংশ লোকে মদ্যপান কৰাৰ বিপৰীতে ত্ৰিপুৰাত মদ্যপান কৰে ৩৫.৬ শতাংশ লোকে । আনহাতে নাগালেণ্ডৰ সৰ্বমুঠ লোকৰ ৮.১ শতাংশ লোকে মদ্যপান কৰে আৰু মিজোৰামত এই পৰিসংখ্যা হৈছে ৭.৮ শতাংশ। মেঘালয়ত ৩.৪ শতাংশ । ইয়াৰে ১২ শতাংশই সুৰাপায়ীয়ে গ্ৰহণ কৰে  ‘strong beer’ , ৯ শতাংশই লয় light beer,  অবৈধ সুৰা সেৱন কৰে ২ শতাংশই,  ঘৰতে নিৰ্মিত সুৰা সেৱন কৰে ১১ শতাংশই,  ৱাইন লয় ৪ শতাংশই,  দেশত নিৰ্মিত বিদেশী সুৰা লয় ৩০ শতাংশই আৰু দেশীয় সুৰা সেৱন কৰে ৩০ শতাংশই ।

AIIMS ৰ National Drug Dependence Treatment Centre য়ে কেন্দ্ৰীয় সমাজ কল্যান মন্ত্ৰণালয়ৰ  কাৰণে প্ৰস্তুত কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ইয়াৰ উপৰিও অসমত ভাং/গাঞ্জা /চৰচ/হাচিচ খোৱা লোকৰ সংখ্যা হৈছে ১ লাখ ৫৬ হাজাৰ জন । সৰ্ব ভাৰতীয় পৰ্যায়ত প্ৰায় ৩ কোটি ৫০ লক্ষ মানুহে ভাং সেৱন কৰে । ভাং সেৱনত উত্তৰ পূবত শীৰ্ষ স্থান অধিকাৰ কৰিছে ছিক্কিমে ।

ইয়াৰ পৰিবৰ্তে কানি, হেৰইন আৰু টেবলত সেৱনৰ শীৰ্ষত আছে উত্তৰ পূৰ্বৰেই পাঁচ খন ৰাজ্য । শীৰ্ষ স্থানত আছে ছিক্কিম আৰু তাৰ পাছত স্থান দখল কৰিছে ক্ৰমান্বয়ে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামে । সমগ্ৰ দেশতে ২.২৬ কোটি মানুহে কানি খায়।

 

পার্থ জ্যোতি বৰাৰ প্ৰতিবেদন
আৰু চাওক পৰৱৰ্তী বাতৰি