• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Muslim Women Divorce : তালাক কেৱল মুছলমান পুৰুষেই দিয়েনে, এইখন ৰাজ্যত এবছৰত আঢ়ৈশৰ অধিক মহিলাই কৰিলে বিবাহ বিচ্ছেদ।

Muslim Women Divorce : তালাক কেৱল মুছলমান পুৰুষেই দিয়েনে, এইখন ৰাজ্যত এবছৰত আঢ়ৈশৰ অধিক মহিলাই কৰিলে বিবাহ বিচ্ছেদ।

'পূৰ্বে  নিয়মিত ৰূপত ৫-৬ গৰাকী মহিলা কাউন্সেলিঙৰ বাবে আহিছিল, কিন্তু লকডাউনৰ সময়ত এই সংখ্যা ১০লৈ বৃদ্ধি পাইছে।'

'পূৰ্বে  নিয়মিত ৰূপত ৫-৬ গৰাকী মহিলা কাউন্সেলিঙৰ বাবে আহিছিল, কিন্তু লকডাউনৰ সময়ত এই সংখ্যা ১০লৈ বৃদ্ধি পাইছে।'

'পূৰ্বে  নিয়মিত ৰূপত ৫-৬ গৰাকী মহিলা কাউন্সেলিঙৰ বাবে আহিছিল, কিন্তু লকডাউনৰ সময়ত এই সংখ্যা ১০লৈ বৃদ্ধি পাইছে।'

  • Share this:
তালাক (Talak) মুছলমান মহিলাৰ বাবে এক অভিশাপ ৰূপেই পৰিগণিত হৈ আহিছে। বিবাহ বিচ্ছেদ এক কথাত এক মানবীয় সামাজিক সমস্যা। কিন্তু আচৰিত কথাটো হ'ল ভাৰতৰ এখন ৰাজ্যত মুছলমান মহিলাই নিজ স্বামীক ত্যাগ কৰাৰ হাৰ যি হাৰত বাঢ়িছে ই সংবাদ শিৰোনাম দখল কৰিছে। মধ্য প্ৰদেশত বিগত এবছৰত মুছলমান মহিলাই নিজ স্বমীৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

তথ্য মতে মধ্য প্ৰদেশত যোৱা বছৰত ২৫২ গৰাকী মুছলমান মহিলাই স্বামীৰ সৈতে কৰিছে বিবাহ বিচ্ছেদ। আনকি এওলোকৰ ভিতৰত বহু মহিলাই মেহেৰ (Mehar) পৰ্।ন্ত গ্ৰহণ কৰা নাই স্বামীৰ পৰা। মেহেৰ হৈছে তালাকৰ পিছত স্বামীয়ে পত্নীক দিবলগা আৰ্থিক ক্ষতিপূৰণ।

Dainik Bhaskarত প্ৰকাশিত এক বাতৰি মতে ২০২০ৰ জুলাইৰ পৰা ২০২১ৰ জুনলৈ মধ্য প্ৰদেশত ২৫২ গৰাকী মুছলমান মহিলাই বিচ্ছেদ লৈছে আৰু ৬২২টা গোচৰ মছজিদ কমিটীৰ ওচৰত পেণ্ডিং হৈ আছে। এই দম্পতীসকলৰ কাউন্সেলিং হৈ আছে মছজিদ কমিটীৰ উদ্যোগত।


আফতাব আহমেদ নামৰ এজন কাউন্সেলৰৰ মতে তিনি তালাক আইন (The Muslim Women (Protection of Rights on Marriage) Act, 2019) গৃহীত হোৱাৰ পিছত মুছলমান মহিলাসকল নিজৰ অধিকাৰক লৈ আৰু গাৰ্হস্থ্য হিংসাৰ বিৰুদ্ধে অধিক সচেতন হৈ পৰাৰ বাবেই বিবাহ বিচ্ছেদৰ এই ঘটনা হোৱা বুলি অনুমান কৰা হৈছে।


আফতাব আহমেদে কয়, "অধিকাংশ কেছতেই মহিলাগৰাকীয়ে নিজেই আহি বিচ্ছেদৰ বিষয়ে জানি বুজি লৈ আগবাঢ়িছে। বহু সময়ত দেখা গৈছে বিয়াৰ তিনি-চাৰি মাহৰ পিছতেই বিচ্ছেদৰ বাবে আবেদন কৰিছে মহিলাসকলে।" আফতাবে কয়, "এই মহিলাসকলৰ বেছিভাগেই মেহেৰ মাফ কৰি দিছে। কোভিড ১৯ তথা লকডাউনৰ সময়ত এই সংখ্যা বৃদ্ধি পোৱা বুলিও কয় আফতাবে।"


আফতাবে কয়, 'পূৰ্বে  নিয়মিত ৰূপত ৫-৬ গৰাকী মহিলা কাউন্সেলিঙৰ বাবে আহিছিল, কিন্তু লকডাউনৰ সময়ত এই সংখ্যা ১০লৈ বৃদ্ধি পাইছে।'


আফতাবে আক্ষেপ কৰে যে বহু মহিলাই কাউন্সেলিঙৰ পিছতো পতিৰ সৈতে একেলগে থাকিব বিচৰা নাই আৰু বিচ্ছেদ ঘটাইছে সম্পৰ্কৰ। প্ৰেম বিবাহৰ ক্ষেত্ৰতো এনে ঘটনা হোৱা বুলি কয় আফতাব আহমেদে।




Published by:Manjumoni Borah
First published: