Gold Price Today: যদি আপোনাৰ সোণৰ কিনাৰ পৰিকল্পনা আছে তেন্তে আপোনাৰ ওচৰত সুন্দৰ সুযোগ। কিয়নো সোণৰ লগতে ৰূপৰ দামো বৰ্তমান বহু পৰিমাণে হ্ৰাস পাইছে। আজি পুনৰ মাল্টী কমডিটী এক্সচেঞ্জত (MCX) সোণ ০.১৮ শতাংশ হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। আনহাতে, ৰূপৰ দামো (Silver price today) হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
কিমান হৈছে সোণ–ৰূপৰ দামআজি MCX ফেব্ৰুৱাৰী ডেলিভাৰীৰ সোণৰ দাম ০.১৮ শতাংশ হ্ৰাসৰ সৈতে ৪৭,৭৫১ টকা প্ৰতি ১০ গ্ৰামৰ স্তৰত আছে। আনহাতে, আজিৰ ব্যৱসায়ত ৰূপ ০.৪১ শতাংশ হ্ৰাসৰ সৈতে ৬১,৫৮১ টকা প্ৰতি কিলোগ্ৰামত ব্যৱসায় কৰি আছে।
৮,৪৪৯ টকা সস্তা সোণযদি ২০২০ৰ কথা ক’বলৈ যাওঁ তেন্তে বিগত বৰ্ষত ১০ গ্ৰাম সোণৰ দাম MCXত ৫৬,২০০ টকাৰে উচ্চতম স্তৰত উপনীত হৈছিল। আজি সোণৰ দাম ৪৭,৭৫১ টকা প্ৰতি ১০ গ্ৰাম স্তৰত আছে, অৰ্থাৎ এতিয়া প্ৰায় ৮,৪৪৯ টকা হ্ৰাস পাইছে সোণৰ দাম।
মিছ কল দিলেই জানিব পাৰিব সোণৰ দাম
আপুনি ঘৰত বহি সোণৰ দাম সহজে জানিব পাৰে। আপুনি কেৱল এই নম্বৰটোত 8955664433 এটা মিছকল দিব লাগিব আৰু আপোনাৰ ফোনত এটা বাৰ্তা ওলাব য'ত আপুনি শেহতীয়া হাৰবোৰ পৰীক্ষা কৰিব পাৰে।
এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে
আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে। 'বি.আই.এছ. কেয়াৰ এপ'ৰ পৰা গ্ৰাহকসকলে (Customer) সোণৰ বিশুদ্ধতা (Purity) পৰীক্ষা কৰিব পাৰে। BIS Care এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|