মেষ, বৃষ আৰু ধনু, মকৰ আৰু কুম্ভ ৰাশিৰ জাতক–জাতিকাই আজি ভাল খবৰ পাব পাৰে।
মেষঃ লাহ–বিলাসৰ সামগ্ৰী ক্ৰয় কৰোতে প্ৰয়োজনতকৈ অধিক ধন খৰচ নকৰিব। বৈবাহিক বান্ধোনত বান্ধ খোৱাৰ ভাল সময়। আপোনাৰ কাৰণে আপোনাৰ প্ৰিয়জন ভাল খবৰৰ বাহক হ’ব। গুৰুত্বপূৰ্ণ বিষয়সমূহত মন দিয়াৰ প্ৰয়োজন। যদি বিবাহিত আপোনাৰ জীৱনসংগীয়ে আপোনাক সহায় কৰিব।
বৃষ ৰাশিঃ পিতৃ–মাতৃক উলাই কৰাই আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা শেষ কৰে। ভাল সময় বহুত দেৰিলৈকে নাথাকে। মানুহৰ কৰ্ম ধ্বনি তৰংগৰ দৰে হয়। আছে চাকৰি লাভৰ যুগ। জীৱনলৈ আহিব পাৰে বিশেষ পৰিৱৰ্তন। পিছে মনোযোগ দিব লাগিব স্বাস্থ্যত।
ধনু ৰাশিঃ শাৰীৰিক বেমাৰ ভাল হোৱাৰ সম্ভাৱনা। আর্থিক ক্ষেত্ৰত খৰটকীয়াকৈ সিদ্ধান্ত নলব। দিনটো ভালকৈ শৃংখলাৱদ্ধ কৰি লওক। জীৱনসংগীৰ সৈতে ভাল। কোনো অংশীদাৰিৰ সিদ্ধান্ত নল’ব। বিত্তীয় অৱস্থা লাহে লাহে ভাললৈ আহিব। ধন ৰাহি হোৱাৰ সম্ভাৱনা।
মকৰ ৰাশিঃ জীৱনটো ভালকৈ সজাবলৈ নিজৰ মন–মগজুৰ দ্বাৰ ভালকৈ খুলি ৰাখক। চিন্তা এৰিব লাগিব। আৰ্থিক উন্নতিৰ কাৰণে ক্ৰয় কৰাটো সহজ হ’ব। নিজৰ প্ৰিয়জনৰ ওচৰত সুখ অনুভৱ কৰিব। উপৰৱালাৰ দৃষ্টিত ভাল হৈ থাকিবলৈ নিজৰ কাম ভালকৈ কৰক। আপুনি ভবাধৰণে প্ৰতিটো কাম নহ’ব পাৰে।
কুম্ভ ৰাশিঃ আপোনাৰ ঈৰ্ষাপৰায়নতাই আপোনাৰ উদাস আৰু দুখী কৰিব পাৰে। এই দুখ আপুনি নিজে নিজক দিছে। সেইকাৰণে যিমান পাৰে সোনকালে এয়া আপুনি এৰক। আনৰ সুখ–দুখ ভাগ–বটোৱাৰা কৰাৰ অভ্যাস গঢ়ি তোলক। হাতলৈ ধন অহাৰ সম্ভৱনা। আছে চাকৰি লাভৰ যুগ। কিন্ত স্থিতিকলৈ চিন্তা।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 21, 2021, 08:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।