আপোনাৰ পকেটত থকা ২হাজাৰটকীয়া খন নকল নে কি? এনেকৈ কৰক চিনাক্ত

News18 Assam | News18-Assam
Updated:February 13, 2020, 7:03 PM IST
আপোনাৰ পকেটত থকা ২হাজাৰটকীয়া খন নকল নে কি? এনেকৈ কৰক চিনাক্ত
Fake Currency: মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ মতে ২হাজাৰ টকাৰ নোটখন যথেষ্ট ভালকৈ নিৰীক্ষণ কৰি নকল নোট প্ৰস্তুত কৰা হৈছে আৰু বজাৰত সহজে এই নোট চিনাক্ত কৰা টান। 

Fake Currency: মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ মতে ২হাজাৰ টকাৰ নোটখন যথেষ্ট ভালকৈ নিৰীক্ষণ কৰি নকল নোট প্ৰস্তুত কৰা হৈছে আৰু বজাৰত সহজে এই নোট চিনাক্ত কৰা টান। 

  • Share this:
মুম্বাইত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ২হাজাৰ টকাৰ নকল নোট। পাকিস্তানৰ মাজেৰে ডুবাইৰ পৰা মুম্বাইলৈ অনা ২হাজাৰ টকাৰ ২৩লাখ টকাৰ নকল নোট আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীৰ মতে এই নোটবোৰ যথেষ্ট ভালকৈ নিৰীক্ষণ কৰি প্ৰস্তুত কৰা হৈছে আৰু সেয়ে এই নোট বজাৰত আহিলেও চিনাক্ত কৰাটা সকলোৰে কাৰণে সম্ভৱ নহয়। উল্লেখযোগ্য যে, ২০১৬চনৰ নৱেম্বৰ মাহত নোটবন্দীৰ পিছত ২০০০হাজাৰ টকাৰ নোট জাৰি কৰাৰ পিছত দাবী কৰা হৈছিল যে এই নোট কপি কৰা আৰু ইয়াৰ নকল নোট প্ৰস্তুত কৰা অসম্ভৱ! কিন্তু বিগত সময়ত একেৰাহে ২০০০টকাৰ নকল নোট জব্দ হৈ আছে। আহক এই নকল ২০০০টকীয়া নোট কেনেকৈ চিনাক্ত কৰিব সেয়া মন কৰোঃ

> আপোনাৰ পকেটত থকা ২০০০টকীয়া নোটখন লাইটৰ সন্মুখত ৰাখিলে খালী অংশত ২০০০লিখা দেখা পাব।
>> চকুৰ সন্মুখত ৪৫ডিগ্ৰী কোণত নোটখন ৰাখিলে ইয়াতো ২০০০লিখা দেখা পাব।

>> মাজত মহাত্মা গান্ধীৰ ছবি আছে।

>> সৰু–সৰু আখৰেৰে RBI আৰু ২০০০লিখা আছে।
>> ছিকিউৰিটী থ্ৰেডত ভাৰত, RBI আৰু ২০০০লিখা আছে। নোটখন সামান্য বেঁকা কৰিলে ইয়াৰ ছিকিউৰিটী থ্ৰেডৰ ৰং সেউজীয়াৰ পৰা নীলা হৈ পৰে।
>> গাৰাণ্টী ক্লজ, গৱৰ্নৰৰ স্বাক্ষৰ, প্ৰমিচ ক্লজ আৰু আৰবিআইৰ লগ’ সোঁফালে আছে।

>> ইয়াত মহাত্মা গান্ধীৰ ছবি আৰু ইলেক্ট্ৰ’টাইপ (২০০০) ৱাটাৰমাৰ্ক আছে।

>> ওপৰৰ সকলোতকৈ বাওঁফালে আৰু তলৰ সকলোতকৈ সোঁফালে লিখা নম্বৰ বাওঁফালৰ পৰা সোঁফাললৈ ডাঙৰ হৈছে।
>> ইয়াত লিখা ২০০০টকাৰ ৰং সলনি হৈ থাকে। ইয়াৰ ৰং সেউজীয়াৰ পৰা নীলা হৈ পৰে।
>> অশোক স্তম্ভ সোঁফালে আছে।
Published by: Tulika Devi
First published: February 13, 2020, 7:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading