‘কল’ৰ অধ্যায় শেষ, বিলাসী হোটেলত বইল কণীৰ দাম হ’লগৈ ১৭০০ টকা!

বিলাসী হোটেলত কণী আৰু কল খাওঁতে এশবাৰ ভাবক!

News18-Assam
Updated:August 11, 2019, 10:42 PM IST
‘কল’ৰ অধ্যায় শেষ, বিলাসী হোটেলত বইল কণীৰ দাম হ’লগৈ ১৭০০ টকা!
Source- Google
News18-Assam
Updated: August 11, 2019, 10:42 PM IST
আজিকালি একাংশ বিলাসী হোটেলৰ কথাই সুকীয়া! ইচ্ছা মতেই দাম বৃদ্ধি কৰে সাধাৰণ খাদ্য সামগ্ৰীৰো। কিছুদিন পূৰ্বে বলীউডৰ অভিনেতা ৰাহুল বসুক চণ্ডীগড়ৰ এখন পঞ্চ তাৰকা হোটেলত দুটা কলৰ বিনিময়ত দাম লৈছিল ৪৪২ টকা। পিছত অভিনেতা জনে হোটেলখনৰ বিল ছচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে বিশেষ চৰ্চা লাভ কৰিছিল। পিছত হোটেল কৰ্তৃপক্ষই এই ঘটনাৰ বাবে ২৫ হাজাৰ টকা জৰিমণাও ভৰিব লগা হৈছিল।

এতিয়া ‘কলৰ অধ্যায়’ পুৰণি হ’ল!, এইবাৰ চৰ্চালৈ আহিছে বিলাসী হোটেলৰ কণীৰ দাম!
মুম্বাইৰ ‘ফৰ-ছিজন’ নামৰ এখন হোটেলৰ ২টা কণীৰ দামে এইবাৰ দখল কৰিছে সংবাদ শিৰোনাম।হোটেলখনৰ পৰা কাৰ্তিক ধৰ নামৰ এজন যুৱকে দুটা বইল কণী ক্ৰয় কৰিছিল,কিন্তু কণীৰ দাম দেখি হতবাক হৈ পৰে যুৱকজন। হোটেলৰ কৰ্তৃপক্ষই দুটা কণীৰ বাবদ যুৱকজনৰ পৰা আদায় কৰে ১৭০০ টকা। পিছত যুৱকজনেও নিজৰ টুইটাৰ একাউণ্টত আপলোড কৰে কণী ক্ৰয় কৰাৰ বিল। ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া বিষয়টোৱে ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা!


আৰু চাওক পৰৱৰ্তী বাতৰি