আজিৰ পৰা কাৰ্যকৰী হ’ব কেইটামান নতুন নিয়ম, প্ৰভাৱ পৰিব পাৰে আপোনাৰ ওপৰতো!

জানি লওক নতুনকৈ কাৰ্যকৰী হ’বলগীয়া নিয়ম

News18-Assam
Updated:September 1, 2019, 1:54 PM IST
আজিৰ পৰা কাৰ্যকৰী হ’ব কেইটামান নতুন নিয়ম, প্ৰভাৱ পৰিব পাৰে আপোনাৰ ওপৰতো!
জানি লওক নতুনকৈ কাৰ্যকৰী হ’বলগীয়া নিয়ম
News18-Assam
Updated: September 1, 2019, 1:54 PM IST
আজি ১ চেপ্তেম্বৰ, সলনি কৰা হৈছে মানুহৰ জীৱন শৈলীৰ লগত জড়িত বহুকেইটা নিয়ম। যাৰ প্ৰভাৱ পৰি পাৰে দেশৰ জনসাধাৰণৰ ওপৰত।

কি এই নতুন নিয়মঃ

ট্ৰেফিক আইনৰ ক্ষেত্ৰত সলনি কৰা হৈছে কেইবাটাও নিয়ম। নিয়ম ভংগ কৰিলে ভৰিব লাগিব বৃহত্‍ পৰিমাণৰ জৰিমণা। আজিৰ পৰা কাৰ্যকৰী হ’ব মটৰ পৰিবহণৰ লগত জড়িত ৬৩ টা নতুন বিধি। সুৰাপান কৰি বাহন চলোৱা, হেলমেট পৰিধান নকৰা, ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব আগতকৈ দুগুণ জৰিমণা।

কৰ পৰিশোধৰ ক্ষেত্ৰত থকা কেইবাটাও আঁসোৱাহ নিষ্পত্তি কৰা হ’ব। ইতিমধ্যে সম্পূৰ্ণ কৰ পৰিশোধৰ ব্যৱস্থাটোক সংশোধন কৰাৰ আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

মাত্ৰ ৫৯ মিনিটতে হোম,অ’ট আৰু পাৰ্চনেল লোন। ইতিমধ্যে আৰম্ভ হৈছে মাত্ৰ ৫৯ মিনিটৰ ভিতৰতে হোম, অ’ট আৰু পাৰ্চনেল লোন প্ৰদানৰ ব্যৱস্থা। সেইদৰে বহুকেইটা চৰকাৰী অধিকৃত বেংকে ইতিমধ্যে প্ৰৱৰ্তন কৰিছে লোনৰ ক্ষেত্ৰত বহুকেইটা নতুন নিয়ম।

SBI ৰ হোম লোন সস্তা হ’ব। এতিয়াৰ পৰা আৰু সহজ হ’ব SBI ৰ পৰা হোম লোন লৈ গৃহ নিৰ্মাণ কৰা। ১ চেপ্তেম্বৰৰ পৰা হোম লোনৰ ক্ষেত্ৰত সুতৰ হাৰ ৮.০৫ শতাংশ হ’ব।

বাহনৰ ‘অন ডেমেজ’ ইঞ্চুৰেন্স হ’ব উপলব্ধ। জেনেৰেল ইঞ্চুৰেন্স কোম্পানীয়ে এতিয়াৰ পৰা ভুমিকম্প, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগত বাহন নষ্ট হ’লেও ইঞ্চুৰেন্সে সামৰি ল’ব।

সলনি হ’ব পাৰে বেংক খোলাৰ সময়সীমা। এতিয়াৰ পৰা ৯ বজাত খোলিব পাৰে বেংক।

IRCTC ত ৰেলৰ টিকট বুক কৰিলে এতিয়াৰ পৰা দিব লাগিব চাৰ্ভিচ টেক্স।
আৰু চাওক পৰৱৰ্তী বাতৰি